Bangladesh Protests : জেচোৰ জিলাত আৱামী লীগৰ নেতাৰ হোটেলত দুৰ্বৃত্তই অগ্নিসংযোগ;নিহত ৮গৰাকী,আহত,৮৪ গৰাকী

নিউজ ডেস্ক,৬আগষ্ট : ভয়ংকৰ পৰিস্থিতি বাংলাদেশৰ। প্ৰতিবাদকাৰীয়ে দেশখনত চলাই আছে ধ্বংসলীলা । ইয়াৰ মাজতে জেচোৰৰ এখন হোটেলত অগ্নিসংযোগ দুৰ্বৃত্তৰ । এই অগ্নিকাণ্ডত প্ৰায় ৮ গৰাকী লোক নিহত হয় আৰু ৮৪ গৰাকী লোক আহত হয়( At least 8 people killed, 84 others injured after hotel owned by Awami League leader) ।
এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা হোটেলখনৰ গৰাকী হৈছে,জেচোৰ জিলাৰ আৱামী লীগৰ সাধাৰণ সম্পাদক শ্বাহিন চকলাদাৰ । জিলা উপায়ুক্ত আব্ৰাৰুল ইছলামে অগ্নিসংযোগৰ খবৰটো নিশ্চিত কৰিছে ।
এই ভয়ংকৰ দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত দুজন ক্ৰমে চেজান হুছেইন আৰু চয়ন বুলি চিনাক্ত কৰা হৈছে(Bangladesh Protests) ।
ইফালে জেচোৰ জেনেৰেল হাস্পতালৰ এগৰাকী কৰ্মচাৰীৰ মতে হাস্পতালখনত প্ৰায় ৮৪ গৰাকী লোক চিকিৎসাধীন হৈ আছে । তাৰ বেছিভাগেই ছাত্ৰ।
লগতে পঢ়ক : BJP Veteran LK Advani Hospitalised : পুনৰ অসুস্থ বিজেপিৰ নেতা লালকৃষ্ণ আদৱানী