Local, Vocal, Global

Nagorno Karabak: তেল ডিপোত ভয়ংকৰ বিস্ফোৰণ; নিহত ৬৮ গৰাকী লোক, আহত ২৯০ৰো অধিক

ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ছেপ্টেম্বৰ : এক ভয়ংকৰ বিস্ফোৰণ । এটা তেল ডিপোত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণৰ ঘটনা(Nagorno Karabak) । নাগৰ্নো-কাৰাবাখ অঞ্চলত ইন্ধন ডিপোৰ বিস্ফোৰণ, ফলত নিহত ৬৮ গৰাকীৰো অধিক লোক । আহত হয় শতাধিক লোক(At least 68 killed several missing in fuel depot blast) ।

জানিব পৰা মতে, সোমবাৰে সন্ধিয়া আঞ্চলিক ৰাজধানী ষ্টেপানাকেৰ্টৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো ৷ যিটোক আজাৰবাইজানে খাংকেণ্ডী বুলি কয় । আজাৰবাইজানৰ সামৰিক আক্ৰমণৰ পিছতে এই অঞ্চলৰ পৰা আৰ্মেনিয়ান জনগোষ্ঠীয় লোকে পলায়ন কৰি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে । উল্লেখ্য যে, গাড়ীৰে অঞ্চলটো এৰি পলায়ন কৰিব বিচৰাসকলক ডিপোটোৰ জৰিয়তে ইন্ধন বিতৰণ কৰা হৈছিল । বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত তাত সমবেত হৈছিল শ শ লোক(Death toll rises in Nagorno Karabakh fuel depot blast as thousands flee) ।

কাৰাবাখৰ ন্যায়াধীশৰ কাৰ্যালয়ৰ উদ্ধৃতিৰে Al Jazeera ই প্ৰকাশ কৰা অনুসৰি বিস্ফোৰণত ফলত মৃতকৰ সংখ্যা ৬৮গৰাকীলৈ বৃদ্ধি পোৱাৰ বিপৰীতে এই বিস্ফোৰণৰ ফলত কমেও ১০৫ জন লোক নিৰুদ্দেশ হৈছে ৷ আনহাতে, ২৯০ জন লোক আহত হৈছে(At least 68 killed in blast at fuel depot in Nagorno Karabakh) ।

উল্লেখযোগ্য যে, আজাৰবাইজানে অঞ্চলটোত সামৰিক আক্ৰমণ চলোৱাৰ পিছতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা দিছিল । এই অঞ্চলটোৰ পৰা হাজাৰ হাজাৰ লোকে পলায়ন অব্যাহত ৰখাৰ সময়তে মৃতকৰ সংখ্যা ঘোষণা কৰা হৈছে ৷ আৰ্মেনিয়াই কয় যে, ২৮,১২০ জনগোষ্ঠীয় আৰ্মেনিয়ান লোকে দেশখনত প্ৰৱেশ কৰিছে ।

Al Jazeera ৰ বাতৰি অনুসৰি চৰকাৰে আৰ্তসকলৰ বাবে থকাৰ ব্যৱস্থা কৰিব । আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে কয় যে, আমেৰিকাই অঞ্চলটোত মানৱীয় প্ৰৱেশৰ আহ্বান জনাইছে । লগতে তেওঁ কয়, “নাগৰ্নো-কাৰাবাখৰ ইন্ধন ডিপোত সংঘটিত বিস্ফোৰণত কমেও ৬৮ জন লোক নিহত হোৱাৰ লগতে শ শ লোক আহত হোৱাৰ খবৰ পাই আমি দুখী হৈছো আৰু নাগৰ্নো-কাৰাবাখৰ বাসিন্দা আৰু ক্ষতিগ্ৰস্ত সকলোৰে প্ৰতি গভীৰ সমবেদনা প্ৰকাশ কৰিছো(Death toll rises in Nagorno Karabakh fuel depot blast as thousands flee) ।”

লগতে পঢ়ক :World Largest Hindu Temple : আমেৰিকাত নিৰ্মাণ বিশ্বৰ দ্বিতীয় বৃহত্তম মন্দিৰ,৮ অক্টোবৰত মুকলি কৰা হ’ব দেশখনৰ প্ৰথমটো বৃহৎ মন্দিৰ