68 Killed in Single Israeli Airstrike on Gaza : অব্যাহত আছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বিভীষিকা; পুনৰ গাজাৰ শৰণাৰ্থীৰ শিবিৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ডিচেম্বৰ : অব্যাহত আছে ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বিভীষিকা । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ সাম কটাৰ যেন নামে লোৱা নাই(Israel-Hamas war) ।
বৰ্তমানেও অন্ত পৰা নাই ইজৰাইল-হামাছৰ মাজৰ যুদ্ধৰ বিভীষিকা ৷ অব্যাহত আছে দুয়োখন দেশৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ । ইজৰাইলৰ আক্ৰমণত হাজাৰ হাজাৰ সাধাৰণ জনতাই বিশেষকৈ পেলেষ্টাইনৰ নাগৰিকে অকালতে প্ৰাণ হেৰুৱাবলগা হৈছে(68 killed in Israeli air strike on refugee camp in central Gaza) ।
ইজৰাইল-হামাছৰ যুদ্ধই চিন্তিত কৰি তুলিছে বিশ্ববাসীক । শেহতীয়াকৈ এক বাতৰি অনুসৰি, ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা এয়াৰ ষ্ট্ৰাইকত প্ৰায় ৬৮ জন পেলেষ্টাইনী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ নিহত পেলেষ্টাইনী সকলৰ ভিতৰত ১২ গৰাকী মহিলা আৰু ৭ টি শিশু আছে বুলি জানিব পৰা গৈছে ৷
ইজৰাইলে গাজাৰ আল-মাগাজী শৰণাৰ্থী শিবিৰত চলোৱা আক্ৰমণৰ ঘটনাৰ পাছত পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ এজন মুখপাত্ৰই ঘটনাৰ সম্পৰ্কে বৰ্ণনা কৰি কয় যে , ‘‘ এয়াৰষ্ট্ৰাইকৰ পাছত বহুতৰে শৰীৰ টুকুৰা-টুকুৰকৈ হৈ পৰিছিল ৷ চাৰিওফালে আৰ্তনাদ শুনিবলৈ পোৱা গৈছিল ৷ ইজৰাইলে গণহত্যা কৰিছে(68 killed in single Israeli airstrike on Gaza) ৷’’
আনহাতে এই ক্ষেত্ৰত ইজৰাইলী সামৰিক বাহিনীৰ তাৎক্ষণিক কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷ ইফালে শুকুৰবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ য’ত উল্লেখ আছিল যেতিয়ালৈকে আমাৰ লক্ষ্য পূৰণ নহয় তেতিয়ালৈকে গাজাত আক্ৰমণ চলিয়েই থাকিব(At least 68 killed in central Gaza in airstrike, adding to weekend’s bloodshed) ৷
ইফালে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত গ্ৰহণ কৰা প্ৰস্তাৱৰ পাছতে ইজৰাইলে গাজাত আক্ৰমণ অধিক তীব্ৰতৰ কৰি তুলিছে ৷
লগতে পঢ়ক : Man Elephant conflict : ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ জামুগুৰিহাটত অব্যাহত আছে হাতী মানুহৰ সংঘাত