Maine mass shooting : গুলীচালনাৰ ঘটনা; নিহত ২২ গৰাকীকৈ লোক,আহত ৬০ গৰাকীকৈ লোক
ইণ্টাৰনেশ্যনেল ডেস্ক, ২৬অক্টোবৰ : পুনৰ কঁপিল আমেৰিকা । পুনৰ পোহৰলৈ আহিছে আমেৰিকাত গুলীচালনাৰ ঘটনা । গুলীচালনাত নিহত ২২ গৰাকীকৈ নাগৰিক লগতে আহত ৬০ গৰাকীকৈ লোক ।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বুধবাৰে । বুধবাৰে সন্ধিয়াই আমেৰিকাৰ বলিং এলী অঞ্চলত সংঘটিত হয় দুৰ্ঘটনাটো(Maine mass shooting) ।
চিটি কাউন্সিলাৰ ৰৰ্বাট মেককাৰ্থীয়ে সংবাদ মাধ্যমৰ আগত কোৱা অনুসৰি, বুধবাৰে সন্ধিয়া লুইষ্টন চহৰৰ বলিং এলী, ৰেষ্টুৰেন্ট,বাৰ আৰু অন্য এক ঠাইত ভয়ংকৰ গুলীচালনাৰ ঘটনাটো সংঘটি হয় আৰু এই গুলীচালনাৰ ফলত বৰ্তমান নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে(At least 22 dead as gunman goes on rampage in Maine) ।
এই ভয়ংকৰ ঘটনাৰ কিছুসময় পিছতেই প্ৰায় ৮.১৫ বজাত অঞ্চলটোৰ ৱালমাৰ্ট ডিষ্ট্ৰিবিউচন চেন্টাৰৰ সমীপত পুনৰ আন এক গুলীচালনাৰ ঘটনা সংঘটিত হয় ।
উল্লেখ্য যে এই ঘটনাৰ বিষয়ে আমেৰিকান আৰক্ষীৰ জনাই যে , আমেৰিকাত সংঘটিত এই গুলীচালনাৰ ঘটনাটো নতুন নহয় । ইয়াৰ পূৰ্বেও আমেৰিকাত গুলীচালনাৰ বহু ঘটনা সংঘটিত হৈ আহিছে(At least 22 killed, dozens wounded in US mass shooting) ।
এণ্ডোস্ক’গিন কাউন্টি শ্বেৰিফৰ কাৰ্যালয়ে (আৰক্ষী) আক্ৰমণকাৰীৰ এখন ফটোও ছ’চিয়েল মিডিয়া এক্স(পূৰ্বৰ টুইটাৰ) ত পোষ্ট কৰিছে । আৰক্ষীয়ে এক্সত পোষ্ট কৰা এই ফটোখনত অভিযুক্ত আক্ৰমণকাৰীয়ে হাতত অস্ত্ৰ লৈ থকা দেখিবলৈ পোৱা গৈছে(At least 22 people killed in mass shooting in Maine) ।
খবৰ অনুসৰি, এই গুলীচালনা ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে অভিযুক্তটোৱে । আমেৰিকান আৰক্ষীয়ে অভিযুক্তজনৰ কথা বৰ্ণনা কৰি কয় যে অভিযুক্তজন পিন্ধনত এটা দীঘল চাৰ্ট আৰু জিন্স পৰিধান কৰি আছিল । অভিযুক্তটোৰ মুখমণ্ডলত দাড়িও আছিল ।
আনহাতে লুইষ্টনৰ চেণ্ট্ৰেল মেইনে এক বিবৃতিত প্ৰকাশ কৰি কয় যে এই ভয়ংকৰ ঘটনাত আহত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভৱনা আছে । বৰ্তমান আহত আটাইকেইজনক চিকিPM Modi to attend Ram temple inauguration : অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণাৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
আৰক্ষীয়ে কোৱা অনুসৰি বৰ্তমানলৈ এই ভয়ংকৰ ঘটনা কিয় সংঘটিত কৰিলৈ জানিবলৈ পৰা নাই । আমেৰিকা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে।
লগতে পঢ়ক : PM Modi to attend Ram temple inauguration : অযোধ্যাৰ ৰাম মন্দিৰত ‘প্ৰাণ প্ৰতিষ্ঠা’ৰ দিন ঘোষণা