At least 20 people killed, 155 injured in shelling while awaiting food aid in Gaza : খাদ্য সাহায্যৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত গুলীবৰ্ষণ; নিহত ২০, আহত ১৫৫

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ মাৰ্চ : এক মৰ্মান্তিক, হৃদয় বিদাৰক ঘটনা । বৃহস্পতিবাৰে গাজাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ।
খাদ্যৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত গুলীবৰ্ষণ। নিহত ২০ জন লোক আৰু আহত ১৫৫ জন(At least 20 people killed, 155 injured in shelling while awaiting food aid in Gaza) ।
এই ঘটনা সন্দৰ্ভত আল চিফা চিকিৎসালয়ৰ জৰুৰীকালীন গোটৰ এজন চিকিৎসক মহম্মদ ঘ্ৰাবে কয়, এই গুলীচালনাৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আকাংশ আছে । কিয়নো আহতলোকসকলক বৰ্তমান চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে ।
পেলেষ্টাইনী স্বাস্থ্য মন্ত্ৰালয়ে এই ঘটনাক ‘ইজৰাইলী দখলদাৰী বাহিনীয়ে গাজাৰ কুৱেইটী অঞ্চলত তেওঁলোকৰ ৰক্ত তৃষ্ণা পূৰণৰ বাবে কৰা নৃশংস আক্ৰমণ’ বুলি অভিহিত কৰিছে । উল্লেখ্য যে মানৱীয় সহায়ৰ বাবে অপেক্ষা কৰি থকা নাগৰিকসকলক লক্ষ্য কৰি লোৱাৰ ফলস্বৰূপে এই ঘটনাটো সংঘটিত হয় ।
প্ৰত্যক্ষদৰ্শীৰ মতে, অঞ্চলটো আৰ্টিলাৰী ফায়াৰ বা টেংকৰ দৰে শব্দত কঁপি উঠিছিল । আনহাতে, বৃহস্পতিবাৰে এক বিবৃতিত গাজাৰ অসামৰিক প্ৰতিৰক্ষাৰ মুখপাত্ৰ মাহমুদ বাচালে ইজৰাইলক এই আক্ৰমণৰ বাবে দায়ী বুলি অভিযোগ কৰে(Attack kills 20 and injures 155 at Gaza food aid point, as Israel denies responsibility) ।
ইফালে, চিএনএনে মাহমুদ বাছালৰ উদ্ধৃতিৰে কয়, “উত্তৰ গাজা ষ্ট্ৰিপত সংঘটিত দুৰ্ভিক্ষৰ ফলস্বৰূপে সাহায্যৰ বাবে অপেক্ষা কৰি থকা নিৰীহ নাগৰিকসকলক হত্যা কৰাৰ নীতি ইজৰাইলী দখলকাৰী বাহিনীয়ে এতিয়াও পালন কৰি আছে ।”
আনহাতে, ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) ঘোষণা কৰে যে মানৱীয় সাহায্য প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে গাজাত প্ৰৱেশ কৰিব ।
স্থল, আকাশ আৰু সাগৰৰ পৰা গাজাত প্ৰৱেশ কৰিব মানৱীয় সাহায্য: প্ৰথমবাৰৰ বাবে সাগৰীয় পথেৰে গাজালৈ আহিব মানৱীয় সাহায্য । ডব্লিউচি কিচেনৰ পৰা পৰা মানৱীয় সাহায্য কঢ়িয়াই অনা আৰু ইউএইয়ে পুঁজি যোগান ধৰা এখন জাহাজে মঙলবাৰে চাইপ্ৰাছৰ লাৰনাকা বন্দৰৰ পৰা গাজা অভিমুখে যাত্ৰা আৰম্ভ কৰে । ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) এক্সৰ এটা পোষ্টত উল্লেখ কৰিছে ।
লগতে পঢ়ক : Huge quantity of foreign cigarettes seized in Bokajan : বোকাজানত জব্দ বুজন পৰিমাণৰ বিদেশী চিগাৰেট