Local, Vocal, Global

Nepal earthquake : ভূমিকম্পৰ ফলত নিহত লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

নেশ্যনেল ডেস্ক,৫ নৱেম্বৰ : পুনৰ নেপালত ভূমিকম্পৰ বিধ্বংসী ৰূপ(Nepal Earthquake )। শুকুৰবাৰে নিশা এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় নেপাল । ৬.৪ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই জোকাৰি যায় নেপাল । যাৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হয় । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ প্ৰায় ১৫০ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । আনহাতে সহস্ৰাধিক সংখ্যক লোক আহত হোৱাৰ বিপৰীতে ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে( At least 150 dead as strong quake rocks northwestern Nepal) ।

এই ভয়ংকৰ ভূমিকম্পৰ ফলত নিহত লোকসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Modi assures all help after earthquake kills 150 people in Nepal) ।

শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে আৰু কয় যে ভাৰতে নেপালক সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াব ।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত কয়, “নেপালত সংঘটিত হোৱা ভূমিকম্পৰ ফলত প্ৰাণ হেৰুৱাসকলৰ আমি অতিশয় দুখিত । নেপালৰ এই পৰিস্থিতিৰ ভাৰতে নেপালৰ জনসাধাৰণৰ সৈতে আছে আৰু ভাৰতে সম্ভৱপৰ সকলো সহায় আগবঢ়াব নেপালক । শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি আমাৰ সমবেদনা জনাইছোঁ । লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ(PM Modi assures all help to Nepal after earthquake, says India stands in solidarity)।”

প্ৰাপ্ত তথ্য অনুসৰি এই ভূমিকম্প ইমানে ভয়ংকৰ আছিল ইয়াৰ অনুভৱ ৰাজধানী দিল্লীৰ সমীপৰ নয়ডাটো অনুভূত হয় । আনকি বিহাৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় বুলি জানিব পৰা গৈছে । ভূমিকম্পৰ তীব্ৰ কম্পনৰ ফলত বিহাৰৰ ৰাজধানী পাটনাত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হয় স্থানীয় লোক ।

ৰাজধানী অথবা সমীপৱৰ্তী এলেকাত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও জানিব পৰা হোৱা নাই(Devastation, Crumbling Buildings In Nepal After 6.4 Earthquake, 150 Killed) ৷এই ভয়ংকৰ ভূমিকম্পৰ ফলত নেপালৰ পশ্চিম অংশত অৱস্থিত জাজাৰকোট আৰু ৰুকুম আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল । এই ভয়ংকৰ ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও চৰকাৰী সূত্ৰত উল্লেখ কৰে।

লগতে পঢ়ক :Nepal Earthquake : নেপালত ভূমিকম্পৰ বিধ্বংসী ৰূপ;ভূমিকম্পৰ ফলত বৰ্তমানলৈ মৃত্যু ১২৮ জনৰ