Local, Vocal, Global

At least 131 killed in China following deadly quake of magnitude 6.2 : ভয়ংকৰ ভূমিকম্প; মৃতকৰ সংখ্যা ১৩১ জনলৈ বৃদ্ধি

ইণ্টাৰনেশ্যনেল ডেস্ক, ২০ডিচেম্বৰ : চীনত হোৱা ভয়ংকৰ ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বৃদ্ধি । সোমবাৰে নিশা উত্তৰ-পশ্চিম চীনত ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল(Massive Earthquake Strikes China) ৷ সোমবাৰে নিশা অহা ৬.২ প্ৰাৱল্যত বৰ ভূমিকম্পৰ ফলত চীনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি সাধন হয়(At least 131 killed in China following deadly quake of magnitude 6.2) ৷

চীনত সোমবাৰে সংঘটিত হোৱা ৬.২ প্ৰাবল্যৰ ভয়াৱহ ভূমিকম্পৰ ফলত কমেও ১৩১ জন লোক নিহত হোৱাৰ লগতে ৭৭২ জন লোক আহত হয় বুলি চৰকাৰী সংবাদ মাধ্যমৰ উদ্ধৃতি দি চিএনএনে প্ৰকাশ কৰিছে।লগতে এই ভূমিকম্পৰ ফলত চুবুৰীয়া প্ৰদেশ কিংহাইৰ ১৯৮ জন লোক আহত হৈছে, ইয়াৰে ১৬ জন এতিয়াও নিৰুদ্দেশ হৈ আছে আৰু ১৮ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি চিএনএনে প্ৰকাশ কৰে।

আল জাজিৰাই উল্লেখ কৰা মতে, বিগত ৯ বছৰত দেশখনত হোৱা এইটো আটাইতকৈ ভয়াবহ ভূমিকম্প । এই ভয়ংকৰ ভূমিকম্পৰ ফলত কৰ্তৃপক্ষই দ্ৰুতভাৱে কেইবাটাও জৰুৰীকালীন বাহিনী গঠন কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ভূমিকম্পৰ ফলত পথ আৰু আন্তঃগাঁথনিৰ বিস্তৰ ক্ষতি হোৱাত আৰু শূন্যৰ তলৰ উষ্ণতাৰ বাবে উদ্ধাৰৰ কাম কঠিন হৈ পৰিছিল(At Least 131 Killed in China Following Deadly Quake of Magnitude 6.2) ৷

চীনৰ ৰাষ্ট্ৰপতি জি ঝিনপিঙে উদ্ধাৰ আৰু সাহায্য অভিযানত সম্পূৰ্ণ প্ৰচেষ্টা অব্যাহত ৰখাৰ বাবে সকলোকে আহ্বান জনায় ।

চীনৰ ৰাজ্যিক সংবাদ মাধ্যমৰ মতে, প্ৰায় ১৫০০ অগ্নিনিৰ্বাপক বাহিনী মোতায়েন কৰা হয় আৰু আন ১৫০০ টা অগ্নিনিৰ্বাপক বাহিনী সাজু কৰি ৰখা হৈছে । দুৰ্যোগ সাহায্যৰ বাবে ৩০০ৰো অধিক বিষয়া আৰু সৈনিককো সংগঠিত কৰা হৈছে ।

চীনৰ ৰাজ্যিক পৰিকল্পনাকাৰীয়ে কয় যে, তেওঁলোকে গানছু আৰু কিংহাই প্ৰদেশৰ বাবে ২৫ কোটি ইউয়ান (৩৫ মিলিয়ন মাৰ্কিন ডলাৰ) আৱণ্টন দিছে । চীনৰ ৰাজ্যিক সম্প্ৰচাৰক চিচিটিভিৰ মতে, গানছুত ১১৩ জন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰা হৈছে, আনহাতে ৫৩৬ জন আহত হৈছে । কিংহাইত চিচিটিভিৰ বাতৰি অনুসৰি ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে ১৯৮ জন আহত হৈছে । ২০১৪ চনৰ পিচত এই মৃত্যুৰ সংখ্যা সৰ্বাধিক ৷

লগতে পঢ়ক : Massive Earthquake Strikes China : ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি; নিহত শতাধিক লোক , আহত দুই সহস্রাধিক লোক