Nepal Earthquake : নেপালত ভূমিকম্পৰ বিধ্বংসী ৰূপ;ভূমিকম্পৰ ফলত বৰ্তমানলৈ মৃত্যু ১২৮ জনৰ
ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ: পুনৰ নেপালত ভূমিকম্পৰ বিধ্বংসী ৰূপ(Nepal Earthquake ) । শুকুৰবাৰে নিশা এক প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায় নেপাল । ৬.৪ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পই জোকাৰি যায় নেপাল যাৰ ফলত বিস্তৰ ক্ষয়-ক্ষতি হয় । এই ভূমিকম্পৰ ফলত বৰ্তমানলৈ প্ৰায় ১২৮ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে । আনহাতে সহস্ৰাধিক সংখ্যক লোক আহত হোৱাৰ বিপৰীতে ধ্বংসাৱশেষৰ মাজত বহু লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে( At least 128 dead as strong quake rocks northwestern Nepal) ।
বিষয়াসকলে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৫ বজালৈকে (স্থানীয় সময় অনুসৰি) দেশখনত ৩৬ জন লোকৰ মৃত্যু হোৱাৰ তথ্য লাভ কৰা হৈছিল ৷ আৰক্ষী বিষয়াসকলে জনোৱা মতে, ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য বৰ্তমানেও উপলব্ধ হোৱা নাই ।
উল্লেখ্য যে, নেপালৰ পশ্চিম অংশত অৱস্থিত জাজাৰকোট আৰু ৰুকুম হৈছে ভূমিকম্পৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চল । মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলিও চৰকাৰী সূত্ৰত উল্লেখ ।
প্ৰাপ্ত তথ্য অনুসৰি এই ভূমিকম্প ইমানে ভয়ংকৰ আছিল ইয়াৰ অনুভৱ ৰাজধানী দিল্লীৰ সমীপৰ নয়ডাটো অনুভূত হয় । আনকি বিহাৰতো ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয় বুলি জানিব পৰা গৈছে । ভূমিকম্পৰ তীব্ৰ কম্পনৰ ফলত বিহাৰৰ ৰাজধানী পাটনাত ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিবলৈ বাধ্য হয় স্থানীয় লোক । ৰাজধানী অথবা সমীপৱৰ্তী এলেকাত ক্ষয়-ক্ষতিৰ পৰিমাণ বৰ্তমানেও জানিব পৰা হোৱা নাই(Devastation, Crumbling Buildings In Nepal After 6.4 Earthquake, 128 Killed) ৷
এই প্ৰৱল ভূমিকম্পটোৰ পিছতে নিশাই উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।
নেপালৰ PMOই টুইটযোগে উল্লেখ কৰে যে, শুকুৰবাৰে নিশা ১১ বাজি ৪৭ মিনিটত জাজাৰকোটৰ ৰমিদাণ্ডাত হোৱা ভূমিকম্পৰ ফলত হোৱা মানৱীয় আৰু ভৌতিক ক্ষতি প্ৰধানমন্ত্ৰীয়ে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু তৎকালীন উদ্ধাৰ আৰু সাহায্যৰ বাবে ৩টা নিৰাপত্তা সংস্থাক মোতায়েন কৰিছে। নেপালত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলিও টুইটযোগে জনোৱা হয়।
ইফালে, জাজাৰকোটৰ স্থানীয় বিষয়া হৰিশ চন্দ্ৰ শৰ্মাই কয় যে তেওঁৰ জিলাত কমেও ৩৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চুবুৰীয়া ৰুকুম পশ্চিম জিলাত আৰক্ষী বিষয়া নমৰাজ ভট্টৰাইয়ে বৰ্তমানলৈ কমেও ৩৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে(Massive earthquake in Nepal kills 128)।