At least 10 killed in attack on police station : পাকিস্তানত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণ; নিহত ১০জন আৰক্ষী জোৱান
ইণ্টাৰনেশ্যনেল ডেস্ক, ৫ ফেব্ৰুৱাৰী : পাকিস্তানৰ সাধাৰণ নিৰ্বাচনলৈ ২ দিন থকাৰ মাজতে পাকিস্তানত ভয়ংকৰ ঘটনা । সোমবাৰে উত্তৰ-পশ্চিম পাকিস্তানৰ আৰক্ষী থানাত সন্ত্ৰাসবাদীৰ আক্ৰমণ ।সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হয় ১০ গৰাকীকৈ বিষয়া(At least 10 killed in attack on police station in Pakistan) ।
জানিব পৰা মতে, সোমবাৰে পুৱা পাকিস্তানৰ উত্তৰ-পশ্চিমত পাকিস্তানী তালিবানৰ এটা পূৰ্বৰ দুৰ্গৰ আৰক্ষী থানাত ৰকেট, বন্দুক আৰু গ্ৰেণেডৰে সজ্জিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰে ।খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ ডেৰা ইছমাইল খান জিলাৰ চৌধুৰীৱান থানাত অতৰ্কিত আক্ৰমণ কৰে সন্ত্ৰাসবাদীৰ দলটোৱে । ৩০জনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে থানা ঘেৰি লৈ চলায় আক্ৰমণ । আক্ৰমণত ১০গৰাকীকৈ বিষয়া নিহত হোৱাৰ লগতে আহত হয় ৬ গৰাকী বিষয়া(At least 10 killed in attack on police station) ।
এই ঘটনাৰ পিছতে সুৰক্ষা বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । অৱশ্যে এতিয়ালৈ কোনো সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত একেখন জিলাতে সংঘটিত হৈছিল অনুৰূপ ঘটনা । এখন আৰক্ষী থানাৰ বাহিৰত এজন আত্মঘাতি বোমাৰুৱে বিস্ফোৰক ভৰ্তি বাহন বিস্ফোৰণ কৰাৰ ফলত প্ৰায় ২৩ গৰাকী সেনা নিহত হৈছিল আৰু আন ৩২ গৰাকী আহত হৈছিল ।