Local, Vocal, Global

বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা কৰা হল NDAৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম

নিউজ ডেক্স, ১৬ জুলাই : আজি দিল্লীত বিজেপিৰ সংসদীয় পৰিষদৰ বৈঠক অনুষ্ঠিত কৰা হয় ।

এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, নীতিন গাডকাৰী, ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে অংশগ্ৰহণ কৰে।

এই বৈঠকত ৬ আগষ্টত অনুষ্ঠিত হ’ব লগীয়া NDA ৰ উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় ।

কেইবাটাও নাম বিচাৰ কৰাৰ পিছত বহু জল্পনা-কল্পনাৰ অন্ত পেলাই BJP আৰু NDA ৰ তৰফৰ পৰা তেওঁলোকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে।

দলটোৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সংবাদমেল যোগে ঘোষণা কৰে NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ হব জগদ্বীপ ধনখৰ।

লগতে জে পি নাড্ডাই উল্লেখ কৰে যে , জগদ্বীপ ধনখৰ বৰ্তমান পশ্চিম বংগৰ ৰাজ্যপাল। তেওঁ এজন কৃষকৰ পুত্ৰ যিয়ে নিজকে জনসাধাৰণৰ ৰাজ্যপাল হিচাপে প্ৰতিষ্ঠা কৰিছে।