Local, Vocal, Global

ASTC to Lay Off Illegally Recruited Employees : চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত ASTC অবৈধ কৰ্মচাৰীৰ

গুৱাহাটী , ৩১ মে’ : অসম ৰাজ্যিক পৰিবহণ নিগমত সংঘটিত হোৱা অবৈধ নিযুক্তি সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (ASTC) । অসম ৰাজ্যিক পৰিবহণ নিগমৰ কেইবাজনো কর্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্তৰ পাছতে বুধবাৰে বিয়লি গুৱাহাটীৰ পল্টনবজাৰ অঞ্চলৰ কার্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (ASTC Employees Protest) ৷

তথ্য অনুসৰি পল্টনবজাৰস্থিত এ এছ টি চিৰ কাৰ্যালয়ত একাংশ ক্ষতিগ্ৰস্ত কৰ্মচাৰীয়ে একত্ৰিত হৈ ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সংঘৰ সাধাৰণ সম্পাদকক চাকৰিৰ পৰা অপ্ৰত্যাশিতভাৱে বৰ্খাস্ত কৰাৰ উত্তৰ দাবী কৰে। আন্দোলনশীল কৰ্মচাৰীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত তৎকালীনভাৱে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনত দক্ষ আৰক্ষী বিষয়া হিচাপে পৰিচিত আনন্দ প্ৰসাদ তাৱাৰীক অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰিচালন সঞ্চালকৰ দায়িত্ব প্ৰদান কৰা হৈছিল ।

আনন্দ প্ৰকাশ তিৱাৰীয়ে এই দায়িত্ব লাভ কৰাৰ পাছতে এটাৰ পাছত এটাকৈ পৰিবহণ নিগমত বিয়োগাম কেলেংকাৰী সংঘটিত হয় (Anand Prakash Tiwari) । জানিব পৰা মতে আনন্দ প্ৰকাশ তিৱাৰী আৰু খগেন্দ্ৰ নাথ চেতিয়াৰ পৰিচালন সঞ্চালক হিচাপে থকা সময়ছোৱাত যথাযথ পদ্ধতি পালন নকৰাকৈ মুঠ ২২৭৪ জন কৰ্মচাৰীক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে । বিভাগীয় কোনো নীতি, নিয়ম নামানি নিজৰ ইচ্ছা মতেই নিগম পৰিচালনা কৰিছিল তিৱাৰীয়ে ।

এনে ফলশ্ৰুতিতেই নিগমত অবৈধ ভাৱে নিযুক্তি লাভ কৰিছিল বহু কৰ্মচাৰীয়ে । অভিযোগ উত্থাপন হৈছিল নিগমত ২০ জনক প্ৰত্যক্ষ ভাৱে উচ্চ বৰ্গৰ সহায়ক হিচাপে তেওঁ নিযুক্তি প্ৰদান কৰিছিল। অথচ নিগমত প্ৰত্যক্ষভাৱে উচ্চ বৰ্গৰ সহায়ক নিযুক্তি দিয়াৰ কোনো নিয়ম নাছিল । বিভাগত তেওঁৰ কাৰ্যকালতে নিযুক্তি লাভ কৰিছিল আৰু বহু কৰ্মচাৰীয়ে ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ২,২৭৪ গৰাকী অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা চাটাই কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল । এইসকলৰ ভিতৰত আছিল বিনা দৰমহাৰে নিগমত কাম কৰি মৃত্যু হোৱা একাংশ কৰ্মচাৰীৰ সন্তান ।

শেহতীয়াকৈ ৰাজ্যৰ পৰিবহণ বিভাগে অসম ৰাজ্যিক পৰিবহণ নিগমত অবৈধ নিযুক্তি প্ৰাপ্তক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে বিভাগে বাচি উলিয়াইছে অবৈধ ভাৱে নিযুক্তি লাভ কৰা ৭৭১ গৰাকীক। এই ৭৭১ গৰাকীক শীঘ্ৰেই চাকৰিৰ পৰা অব্যাহতি দিব পৰিবহণ বিভাগ ।

লগতে পঢ়ক : SCERT Scam : CM ভিজিলেঞ্চৰ জালত পৰিছে ৰাজনৈতিক নেতা