Associates Of Waris Punjab De Chief Hospitalized In Assam Medical College : ডিব্ৰুগড়ৰ কাৰাগাৰতে অসুস্থ দুই খালিস্তানী; দুসপ্তাহে কাৰাগাৰত অনশনৰত আছিল দুই খালিস্তানী
নিউজ ডেস্ক, ৬ মাৰ্চ : ডিব্ৰুগড়ৰ কাৰাগাৰতে অসুস্থ দুই খালিস্তানী । দুসপ্তাহে কাৰাগাৰত অনশনৰত আছিল কুলৱন্ত সিং আৰু গুৰমীত সিং ।
ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত NSA আইনৰ অধীনত বন্দী হৈ থকা পঞ্জাৱৰ Waris De মুৰব্বী অমৃতপাল সিঙৰ দুই সহযোগী অসুস্থ। বিগত দুটা সপ্তাহৰ পৰা কাৰাগাৰৰ ভিতৰতেই অনশনত বহিছিল কুলৱন্ত সিং আৰু গুৰমীত সিং(Associates Of Waris Punjab De Chief Hospitalized In Assam Medical College)।
মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে অমৃতপাল সিঙৰ দুই সহযোগী।কুলৱন্ত সিং আৰু গুৰমীত সিং অসুস্থ হোৱাত অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত ভৰ্ত্তি কৰা হয়। কুলৱন্ত সিঙক অসম চিকিৎসা মহাবিদ্যালয়ত ডিব্ৰুগড়ত ভৰ্তি কৰোৱা হয়। কাৰাবন্দী অমৃত পালৰ সহযোগী কুলৱন্ত সিঙৰ লগতে আন এগৰাকী সতীৰ্থ গুৰমীত সিঙকো AMCh ত ভৰ্তি কৰা হয়।
AMCH ৰ অধীক্ষক ডাঃ প্ৰসন্ত দিহিঙীয়াই কয় যে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি হোৱা ৱাৰিছ পঞ্জাৱ দে সদস্য দুজনৰ অৱস্থ বৰ্তমান কিছু উন্নত । “কুলৱন্ত সিঙৰ পূৰ্বৰ পৰাই মৃগীৰোগত আক্ৰান্ত আছিল। তেওঁক চেলাইন ড্ৰিপ দিয়া হৈছিল। সম্প্ৰতি দুয়োকে মেডিচিন আই চি ইউত চিকিৎসা কৰি থকা হৈছে। তেওঁলোকক আন ৰোগীৰ পৰা পৃথক কৰি ৰখাৰ লগতে সম্পূৰ্ণ নিৰাপত্তা মাজত ৰখা হৈছে বুলি জানিবলৈ দিয়ে AMCH ৰ অধীক্ষক গৰাকীয়ে( Associates Of Waris Punjab De Chief Hospitalized In Assam Medical College)।
উল্লেখযোগ্য যে, ২০১৩ চনৰ ১৯ মাৰ্চত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ ক্ৰমে পাপলপ্ৰীত সিং, দলজীত সিং কালসী, কুলৱন্ত সিং ধলিৱাল, বৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, বসন্ত সিং, গুৰিন্দৰ সিং আউজলা আৰু ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী বাজেকেক অনা হৈছিল।
লগতে পঢ়ক : Road Accident in Nepal : নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ; নিহত ৭জন, আহত ৩০ জন