Local, Vocal, Global

Assembly Election Results 2024: আজি ঘোষণা হ’ব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল

নিউজ ডেস্ক,৪জুন : আজি ঘোষণা হ’ব অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনৰ ফলাফল। অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটে চৰকাৰৰ অগ্ৰগতি । সংখ্যাগৰিষ্ঠতকৈ বহু বেছি আসন লাভ কৰিছে টিডিপিয়ে । সেই তুলনাত বহু পিছ পৰি আছে ৱাই এছ আৰ চি পি। অন্ধ্ৰপ্ৰদেশত টিডিপি ১২৭ খন আসনত আৰু বিজেপি ৭ খন আসনত আগবাঢ়ি আছে(Assembly Election Results 2024) ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, জনসেনা পাৰ্টী ১৭ খন, টিডিপি ১২৭ খন, বিজেপি ৭ খন আসনত আগবাঢ়ি থকাৰ বিপৰীতে যুৱজনা শ্ৰমিকা ৰাইথু কংগ্ৰেছ দল চমুকৈ ৱাই এছ আৰ চি পি ২২ খন আসনত আগবাঢ়ি আছে।

উল্লেখ্য যে অন্ধ্ৰপ্ৰদেশত এখন ত্ৰিকোণীয়া যুঁজ পৰিলক্ষিত হৈছে । শাসনাধিষ্ঠিত ৱাই এছ আৰ চি পি, কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডিয়া মিত্ৰজোঁট আৰু চন্দ্ৰবাবু নাইডুৰ টিডিপি আৰু পৱন কল্যাণ নেতৃত্বাধীন জন সেনা পাৰ্টীক (জেএছপি) লৈ গঠিত বিজেপি নেতৃত্বাধীন এন ডি এ মিত্ৰজোঁটৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে ।

লগতে পঢ়ক : Lok Sabha Election 2024 Result : অসমৰ কোন কোন সমষ্টিত কাৰ কাৰ অগ্ৰগতি ?