Watch | Assam’s Sushant Bishwo Sharma elected as the Vice President of the Indian Volleyball Federation: অসমৰ সুশান্ত বিশ্ব শৰ্মা ভাৰতীয় ভলীবল ফেডাৰেচনৰ উপ-সভাপতি নির্বাচিত
বৰপেটা: বৰপেটাৰ সুদক্ষ আৰক্ষী অধীক্ষক আৰু অসম ভলীবল সন্থাৰ সন্মানীয় সভাপতি সুশান্ত বিশ্ব শৰ্মাই ভাৰতীয় ভলীবল ফেডাৰেচনৰ (VFI) উপ-সভাপতি পদত নিৰ্বাচিত হোৱা গৌৰৱৰ খবৰ অসমৰ ক্ৰীড়া মহল আৰু আৰক্ষী বিভাগত উৎসৱৰ ৰং দেখিবলৈ পোৱা গৈছে ।
নতুন দিল্লীত অনুষ্ঠিত VFIৰ বাৰ্ষিক অধিবেশনত ভাৰতৰ প্ৰতিখন ৰাজ্যৰ প্ৰতিনিধিয়ে গণতান্ত্ৰিক পদ্ধতিত এই উচ্চ পদত সুশান্ত বিশ্ব শৰ্মাক বাচনি কৰে। তেখেতৰ নেতৃত্বত অসমত ভলীবল ক্ৰীড়াৰ বিকাশ হৈছে আৰু অসমৰ খেলুৱৈ সকলৰ বাবে এক নতুন দিশ মুকলি হৈছে।
এই সফলতাৰ লগত অসমৰ ক্ৰীড়া সমর্থক, আৰক্ষী বিভাগ আৰু জনসাধাৰণে তেওঁক আন্তৰিক অভিনন্দন জনাইছে আৰু আগলৈও উন্নতি আৰু সফলতাৰ আশা প্ৰকাশ কৰিছে। সুশান্ত বিশ্ব শৰ্মাৰ এই সফলতাই অসমৰ খেলক জগতমুখী কৰি তোলাৰ লগতে, অসমৰ ক্ৰীড়া পৰিসৰত এটা নতুন দিশ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।