Local, Vocal, Global

Assam’s highest civilian awards to be conferred today : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান

নিউজ ডেস্ক, ১৩ ফেব্ৰুৱাৰী : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান ।‘ৰাজ্যিক সৰ্বোচ্চ অসামৰিক সন্মান-২০২৩’ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব উপ-ৰাষ্ট্রপতি জগদীপ ধনখড়(Assam’s highest civilian awards to be conferred today) ।

আজি এই অনুষ্ঠানত বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হ’ব। অসম বৈভৱ, অসম সৌৰভ, আৰু অসম গৌৰৱ তিনিটা শাখাৰ অধীনত অসম অসামৰিক বঁটা প্ৰদান কৰা হয়।

এই বঁটা প্ৰদান কৰা হ’ব , প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ অসম বৈভৱ বঁটা । ড০ কিশন চন্দ নৌৰিয়াল, এলভিছ আলী হাজৰিকালৈ অসম সৌৰভ বঁটা । হিমা দাস আৰু নাদিৰাম দেউৰীক প্ৰদান কৰা হ’ব অসম সৌৰভ সন্মান ।অসম গৌৰৱ সন্মান প্ৰদান কৰা হব ৰঞ্জিত গগৈ, পাৰ্বতী বৰুৱা, দেৱজিত চাংমাইলৈ ।

দ্রোণ ভূঞা, নিলম দত্ত, অনুপম ডেকা, সৌম্যদ্বীপ দত্ত, বসন্ত চিৰিং ফুকনলৈ অসম গৌৰৱ সন্মান । মানেন্দ্র ডেকা, মীনাক্ষী চেতিয়া, পখিলা লেকথেপীলৈ অসম গৌৰৱ সন্মান । উপেন্দ্ৰ ৰাভা, ৰাহুল গুপ্তা, জেচিন কুম্বাং পাৱ, মেৰী হাছা, টেনজিং বডোচা, ড০ নিৰ্মল দে’লৈ অসম গৌৰৱ সন্মান ।

অসম বৈভৱ বঁটাৰ লগত থাকিব নগদ ৫ লাখ টকা ।অসম সৌৰভ বঁটাত থাকিব নগদ ৪ লাখ টকা ।বঁটাসহ নগদ ৩ লাখ টকা থাকিব অসম গৌৰৱ বঁটাত ।

লগতে পঢ়ক : VP Jagdeep Dhankhar To Arrive In Guwahati Today : আজি অসমলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়