Local, Vocal, Global

Assam’s Heartthrob Zubeen Garg Hospitalized : ক্ৰমাৎ সুস্থ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

নিউজ ডেস্ক,৩০জুলাই : ক্ৰমাৎ সুস্থ হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। সোমবাৰে বিয়লি MICUৰ পৰা কেবিনলৈ স্থানান্তৰ জুবিন গাৰ্গক।

নেমকেয়াৰ হাস্পতালৰ চিকিৎসকে জনোৱা অনুসৰি জুবিন গাৰ্গৰ স্বাস্থ্য পৰীক্ষাৰ দুটা ৰিপ’ৰ্ট আজি লাভ কৰিব চিকিৎসকে। ৰিপ’ৰ্ট চাই জুবিনক কেতিয়া ঘৰলৈ যাবলৈ দিয়া হ’ব, সেই সন্দৰ্ভত চিকিৎসকে গ্ৰহণ কৰিব সিদ্ধান্ত। খবৰ অনুসৰি নেমকেয়াৰ হাস্পতালৰ পৰা জুবিনক আজি ৰিলিজ দিয়াৰ ৮০% সম্ভাৱনা আছে(Assam’s Heartthrob Zubeen Garg Hospitalized)।

উল্লেখ্য যে দেওবাৰে পুৱা জোনালীস্থিত নিজা মিউজিক ষ্টুডিঅ’ত ব্যস্ত আছিল জুবিন গাৰ্গ। দেওবাৰে পুৱা ৯ বাজি ১০ মিনিটত ছিজাৰ এটেক (Seizure Attack) অহাৰ পিছতে ততাতৈয়াকৈ মহানগৰীৰ ভঙাগড়ত থকা নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰা হৈছিল অসমীয়াৰ হৃদস্পন্দন জুবিন গাৰ্গক। বিগত দুটা দিনে নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চলাই আছে জুবিন গাৰ্গৰ চিকিৎসা।

লগতে পঢ়ক : Prisoner goes live on Facebook from inside police lock-up : লকআপৰ ভিতৰৰ পৰা ফেচবুক লাইভ কৰিলে আচামীয়ে