Sudakshina Sarma Passes Away : সুকণ্ঠী গায়িকা তথা ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাৰ দেহাৱসান

নিউজ ডেস্ক, ৩ জুলাই : সুকণ্ঠী গায়িকা তথা ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাৰ দেহাৱসান(Sudakshina Sarma Passes Away) ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷ দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত আছিল বৰ্ষীয়ান শিল্পীগৰাকী(Sudakshina Sarma Passes Away) ৷ ৮৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শিল্পীগৰাকী(Assamese singer Sudakshina Sarma passes away at 89) ।
সুদক্ষিণা শৰ্মা অসমৰ এগৰাকী খ্যাতনামা গায়িকা আছিল । অসম তথা ভাৰতৰ এগৰাকী সুখ্যাত গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত তথা চলচ্চিত্ৰ পৰিচালক ভূপেন হাজৰিকাৰ কণিষ্ঠ ভগ্নী।
উল্লেখ্য যে জন্মসূত্ৰে তেওঁৰ নাম আছিল নিৰুপমা হাজৰিকা। ঘৰুৱা নাম কুইন, অৰ্থাৎ কুইন হাজৰিকা । জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক নাম দিছিল কুইনী হাজৰিকা । প্ৰথমাৱস্থাত এই নামেৰে তেওঁ ৰেডিঅ’ত গীত গাইছিল । ১৯৫৪ চনৰ ১২ আগষ্ট তাৰিখে গণশিল্পী, সুৰকাৰ আৰু গীতিকাৰ দিলীপ শৰ্মাৰ সৈতে সুদক্ষিণাৰ বিবাহ সম্পন্ন হৈছিল । তেওঁলোকৰ তিনি সন্তান ক্ৰমে- ঋতুপৰ্ণ শৰ্মা, ঋষিৰাজ শৰ্মা, ঋজুশ্ৰী শৰ্মা । সুদক্ষিণা শৰ্মাৰ শহুৰ আৱাহন আলোচনীৰ সম্পাদক দীননাথ শৰ্মা এগৰাকী সাহিত্যিক ।
কণ্ঠশিল্পী সুদক্ষিণা শৰ্মাৰ বিনয়ী আৰু হাঁহিমুখীয়া স্বভাৱৰ বাবে শহুৰেক দীননাথ শৰ্মাই তেওঁক ‘সুদক্ষিণা’ নামটো দিছিল।
শৈশৱতে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰিছিল । দহ বছৰ বয়সতে সুদক্ষিণা শৰ্মাই কলিকতাত বিষ্ণুপ্ৰসাদ ৰাভাৰ তত্ত্বাৱধানত কমলনাৰায়ণ চৌধুৰীৰ সৈতে দ্বৈত কণ্ঠত ‘নাহৰ ফুলে নুশুৱায়’ (কথা আৰু সুৰ: বিষ্ণুপ্ৰসাদ ৰাভা), ‘বিশ্বৰে ছন্দে ছন্দে’, অ’ মইনা আদিকে ধৰি চাৰিটা গীত বাণীবন্ধন কৰিছিল ।
১৯৪৭ চনত পানবজাৰৰ জুবিলী গাৰ্ডেনলৈ মহাত্মা গান্ধী আহোঁতে তেওঁ ‘এ জয় ৰঘু নন্দন’ গীতটি পৰিৱেশন কৰিছিল । সংগীতক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০০২ চনত সুদক্ষিণা শৰ্মাই স্বামী দিলীপ শৰ্মাৰ সৈতে সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল।
উল্লেখ্য যে ১৯৩৪ চনৰ ৮ আগষ্ট তাৰিখে গুৱাহাটীৰ ভৰলুমুখত সুদক্ষিণা শৰ্মাৰ জন্ম হয় । পিতৃ নাম নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা । ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকাকে ধৰি নীলকান্ত হজৰিকাৰ দহোটা সন্তানৰ সুদক্ষিণা বা নিৰুপমা হাজৰিকা অছিল চতুৰ্থটি সন্তান । এটি সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা নিৰুপমাই সৰুৰেপৰাই ঘৰত গীত গোৱা দেখিছিল। মোমায়েক অনাথবন্ধুৱে ছেক্স’ফ’ন বজাইছিল । আনহাতে মাজু মাহীয়েক ভৱপ্ৰিয়াই তেওঁলোকক গীত গাবলৈ শিকাইছিল।
দেউতাকৰ চাকৰি সূত্ৰে ১৯৩৯ চনত তেজপুৰ মজলীয়া প্ৰাথমিক বিদ্যালয়ত নিৰুপমাৰ শিক্ষাৰম্ভ হৈছিল। পাছত তেওঁ পানবজাৰ ছোৱালী হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়া-শুনা কৰিছিল।
তেওঁৰ সাংগীতিক যাত্ৰা আৰম্ভ হৈছিল দেউতাক নীলকান্ত হাজৰিকাই ৰচনা কৰা আৰু জেষ্ঠ ভাতৃ ভূপেন হাজৰিকাই সুৰ দিয়া ‘অ’ মইনা কেতিয়া আহিলি তই’ গীতেৰে । মহাত্মা গান্ধীৰ মৃত্যুত তেওঁ ভূপেন হাজৰিকাৰ সৈতে ‘তেৰশ ছৌৱনৰ মাঘৰে মাহৰে বিয়লি পৃথিৱীৰ শিৰতে ব্ৰজপাত পৰিলে’ গীতটি কলিকতা ৰেডিঅ’ৰ বাবে গাইছিল । গীতটি লিখিছিল ভূপেন হাজৰিকাই ।
সুদক্ষিণা শৰ্মাই ‘মণিৰাম দেৱান’, ‘চিকমিক বিজুলী’, ‘পাৰঘাট’, ‘অবুজ বেদনা’, ‘হেঁপাহ’ আদি চলচ্চিত্ৰত ক্ৰমে সংগ্ৰাম লগ্নে আজি, তপ্ত শিখাৰে, হৰি নাচে কৃষ্ণ, অ’ কি ৰূপে পেখলো গীতত কণ্ঠদান কৰিছিল । বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, বনগীত, বিয়ানাম, বিহুনামতো সুদক্ষিণাৰ ব্যুৎপত্তি আছিল।
১৯৫৩ চনত সুদক্ষিণা শৰ্মা ভাৰতীয় গণনাট্য সংঘৰ অসম শাখাৰ সম্পাদক হেমাংগ বিশ্বাস আৰু গণনাট্যৰ কৰ্মী হেম শৰ্মাৰ সান্নিধ্যলৈ আহে আৰু জনসচেতনতা বৃদ্ধিৰ বাবে গীত গায়। ভূপেন হাজৰিকাই প্ৰথমাৰ্ধত লিখা প্ৰায়বোৰ গীতৰ গায়িকা আছিল সুদক্ষিণা শৰ্মা । পৰৱৰ্তী সময়ত তেওঁ স্বামী দিলীপ শৰ্মাৰ সৈতে দ্বৈত কণ্ঠত বহুসংখ্যক গীত গায়।
২০২৩ চনৰ ৩ জুলাই অৰ্থাৎ সোমবাৰে ৰাতিপুৱা ৮.২৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সুকণ্ঠী গায়িকা তথা ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভগ্নী সুদক্ষিণা শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে । উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেখেতে চিকিৎসাধীন হৈ আছিল ।
লগতে পঢ়ক : Uma Chetry selected for Indian national team : ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ