Assamese Music Maestro Bhupen Uzir Passes Away : আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত ভূপেন উজীৰৰ অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব

নিউজ ডেস্ক, ১০জানুৱাৰী : বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰৰ দেহাৱসান। ৰাজ্যৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই ইহ সংসাৰ এৰি গুছি গ’ল বিশিষ্ট সংগীত পৰিচালক ভূপেন উজীৰ(Assamese Music Maestro Bhupen Uzir Passes Away) ।
মঙলবাৰে নিশা প্ৰায় ১০ বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। দীৰ্ঘদিন ধৰি শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী। বিগত কিছুদিন ধৰি গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল তেওঁ। ১ জানুৱাৰীৰ পৰা চিকিৎসাধীন হৈ আছিল হাস্পতালত(Assamese Music Maestro Bhupen Uzir Passes Away at 80)।
বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সেইদিনাৰে পৰা তেওঁক আই চি ইউত ভৰ্তি কৰি চিকিৎসা অব্যাহত ৰাখিছিল ৷ অৱশ্যে যোৱা দেওবাৰৰ পৰা পূৰ্বতকৈও অধিক অৱনতি ঘটে শিল্পীগৰাকীৰ স্বাস্থ্যৰ আৰু অৱশেষত মঙলবাৰে নিশা অজান্তিমুলুকলৈ গতি কৰে শিল্পী ভূপেন উজীৰে( Renowned music director Bhupen Uzir passes away in Guwahati) ৷
আজি দিনৰ ২ বজাত নৱগ্ৰহ শ্মশানত কৰা হ’ব শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া।