Local, Vocal, Global

Assamese litterateur Bishweshwar Hazarika passes away at 91 : বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকা আৰু নাই

নিউজ ডেস্ক,৩১মাৰ্চ : বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাৰ দেহাৱসান। শনিবাৰে নিশা মহানগৰীৰক জি এম টি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট ভাষাবিদগৰাকীয়ে(Assamese litterateur Bishweshwar Hazarika passes away at 91)।

বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল হাজৰিকা ।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ ।

জানিব পৰা মতে, তেওঁ অন্ত্যষ্টিক্ৰিয়া নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ’ব । সম্প্ৰতি হাজৰিকাৰ নশ্বৰ দেহ বাসগৃহৰ পৰা বি বৰুৱা মহাবিদ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ লৈ যোৱা হৈছে ৷

উল্লেখ্য যে, ১৯৩৩ চনৰ ৩১ জুলাইৰ দিনাখন বিশ্বেশ্বৰ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাৰ বাৰমুখীয়া গাঁৱত এটি কৃষক পৰিয়ালত । তেওঁৰ পিতৃৰ নাম আছিল খগেশ্বৰ হাজৰিকা আৰু মাতৃ সোণেশ্বৰী হাজৰিকা । জন্ম গাঁৱৰ বাৰমুখীয়া নিম্ন প্রাথমিক বিদ্যালয়তে (১৯৩৮) শিক্ষা জীৱনৰ শুভাৰম্ভ কৰা হাজৰিকাই ১৯৫৩ চনত গোলাঘাট টাউন হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়(Renowned Assamese Litterateur Bishweshwar Hazarika Passes Away at 91) ৷

হাজৰিকাই ১৯৫০ চনৰ পৰা বৰ্তমান সময়লৈকে ৬৩৮ টা প্রবন্ধ অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখিছে । ইংৰাজীত ডেৰ কুৰিতকৈ অধিক আৰু অসমীয়া ভাষাত ছয়শতকৈ অধিক প্রকাশ পাইছে । অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেখেতক ২০১৪ চনত অসম সাহিত্য সভা ই সাহিত্যাচাৰ্য উপাধি প্ৰদান কৰে ।

লগতে পঢ়ক : Sensational Murder In Barpeta :নিচাসক্ত ভাগিনৰ খবৰ লবলৈ আহি ভাগিনৰ হাততে প্ৰাণ গল মামীয়েকৰ