Assamese girl goes missing in Tamil Nadu: তামিলনাডুত সন্ধানহীন বিলাসীপাৰাৰ যুৱতী সূৰ্য্যভানু
নিউজ ডেস্ক,১৬অক্টোবৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assamese girl goes missing in Tamil Nadu)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
এইবাৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱতী। বহিঃ ৰাজ্যত নিৰুদ্দেশ বিলাসীপাৰাৰ যুৱতী।
জানিব পৰা মতে, বিলাসীপাৰাৰ এগৰাকী যুৱতী কৰ্মসূত্ৰে তামিলনাডু লৈ গৈছিল।তামিলনাডুৰ পৰা ৰে’লেৰে ঘৰলৈ উভতি অহাৰ সময়ত নিৰুদ্দেশ হয় যুৱতী গৰাকী।বিগত ১১দিনে সন্ধান নাই যুৱতীগৰাকীৰ ।সন্ধানহীন যুৱতীগৰাকী বিলাসীপাৰাৰ থানাৰ অন্তৰ্গত হাতীপোতা দ্বিতীয় গাঁৱৰ মফিদা খাতুন কন্যা সূৰ্য্যভানু (১৯) বুলি জানিব পৰা গৈছে।
নিৰুদ্দেশ যুৱতীগৰাকীৰ পৰিয়ালে বিভিন্ন স্থানত বিচাৰ খোচৰ কৰিছে যদিও কোনো ধৰণৰ সুংসূত্ৰ পোৱা নাই য়ুৱতী গৰাকীক।
কোনো সদাশয় ব্যক্তিয়ে যুৱতীজনক সন্ধান পালে 7021208342 মোৱাইল নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই অনুৰোধ জনায়।
লগতে পঢ়ক :Tragic incident in Kaliabor : ৰাজপথত দাও দাও কৈ জ্বলিল বাহন;নিহত এজন,আহত এজন