জাগীৰোডৰ নেলীৰ ১৯৮৩ চনৰ গণহত্যাৰ আলমত নিৰ্মাণ হব অসমীয়া চলচ্চিত্ৰ “নাৰ্জীয়া “
নিউজ ডেস্ক, ১১ ছেপ্তেম্বৰ : ১৯৮৩ ৰ নেলীৰ ঐতিহাসিক গণহত্যাৰ আলম লৈ নিৰ্মাণ হব নতুন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ কথাছবি ৷ নাৰ্জীয়া নামৰ কথাছবিখনৰ শুভ মহুৰত জাগীৰোডত অনুষ্ঠিত হৈ যায় ৷
নৰ্থ ইষ্ট ৩৬৫ অসমৰ বেনাৰত নিৰ্মাণ হবলগীয়া ছবিখনৰ প্ৰযোজক পল্লৱ কুমাৰ বৰদলৈ আৰু পংকজ পাটৰ ৷ কথাছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে তুলসী মান্তা ৷ পংকজ পাটৰে কাহিনী আৰু চিত্ৰনাট্যৰে সজোৱা কথাছবিখনৰ চিত্ৰগ্ৰহণ বিশ্বজিৎ কোঁৱৰৰ ৷
প্ৰডাকচনৰ ব্যৱস্থাপনাত আছে বুবু বৰদলৈ, ৰাম বড়ো আৰু বিজয় ডেকা ৷ সহকাৰী পৰিচালনা অজিত কুমাৰ বৰদলৈ আৰু অজয় টেৰনৰ ৷ সম্পাদনা হিমাংশু কলিতা ৷ অসমীয়া ছবিজগতৰ ভালেকেইগৰাকী ন-পুৰনি অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিবলগীয়া কথাছবিখনৰ দৃশ্যগ্ৰহণ অহা অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হব ৷
কথাছবিখনৰ শুভ মহুৰত অনুষ্ঠানত বন্তি প্ৰজ্বালন কৰে জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক খগেন শৰ্মাই, নাৰিকল ভাঙি কেমেৰাত মাল্যাৰ্পণ কৰে জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ভৱেন চন্দ্ৰ নেওগে ৷ কেমেৰাৰ ছুইটছ অন কৰে জাগীৰোড উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ হৰমোহন কলিতাই ৷
ইতিহাসৰ পটভূমিত নিৰ্মাণ হবলগীয়া কথাছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিব মনি কংকনা দেৱি , ভাগ্যশ্ৰী ডেকা আৰু চুমিত্ৰা বৰা, ৰিজু দত্ত আদিৰ লগতে বহুতো নপুৰনি শিল্পীয়ে