Local, Vocal, Global

Bohag Bihu 2024 : ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু

নিউজ ডেস্ক,১৫ এপ্ৰিল : আজি গোসাঁই বিহু । ৰঙালী বিহু বা ব’হাগ বিহুৰ তৃতীয় দিনা গোসাঁই বিহু(Bohag Bihu 2024)। ৰঙালীৰ ৰঙত মতলীয়া অসমীয়াই আজি উদযাপন কৰিছে গোসাঁই বিহু । গোসাঁই বিহু উপলক্ষে আজি ৰাজ্যৰ সত্ৰ,নামঘৰ,বিষ্ণু মন্দিৰত নাম কীৰ্তনেৰে মুখৰিত হৈ পৰে ।

বৰপেটা,বটদ্ৰৱা,আঠখেলিয়া,ঢেকীয়াখোৱা,মধুপুৰ আৰু মাজুলীৰ সত্ৰ সমূহৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহুৱা নামঘৰ সমূহত দিনজোৰা কাৰ্যসূচীৰে নাম-কীৰ্তন অনুষ্ঠিত হয়(Assamese Community Celebrates Gosai Bihu) ।

আজি পুৱাতে সকলোৱে সত্ৰ-নামঘৰ, মন্দিৰত সেৱা জনাই বছৰটোলৈ কুশল-মংগল কামনা কৰে । লগতে ধূপ-দ্বীপ, নৈবেদ্যৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায় । আজিৰ এই দিনটোতে পৰম্পৰা অনুসৰি ঠায়ে ঠায়ে ব্যাপক আয়োজন কৰাও দেখা যায় ।

লগতে পঢ়ক : Rajasthan Road Accident : শোকাৱহ দুৰ্ঘটনা; নিহত একেটা পৰিয়ালৰ ৭জনকৈ লোক