Local, Vocal, Global

নাগালেণ্ডত অসমৰ যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক: নাগালেণ্ডত অসমৰ যুৱকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মৃতদেহটো গেলেকী বগীচাপৰিৰ বাসিন্দা ললিত চাহুৰ পুত্র কৃষ্ণা চাহুৰ বুলি জানিব পৰা গৈছে। নাগালেণ্ডৰ লংলিং জিলাৰ চেটাপ নামৰ গাঁওখনৰ এখন দলংৰ তলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো। স্থানীয় য়ংলক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই জানিব দিয়া মতে যুৱকজনক কোনো দুৰ্বৃত্তই হাত-ভৰি ভাঙি দলঙৰ তলত পেলাই দিছিল বুলি সন্দেহ কৰা হৈছে।