Assam Youth Goes Missing, Suspected To Have Joined ULFA-I : ভগ্নীলৈ ফোন কৰি কান্দি কান্দি কি ক’লে উজ্জলে

তিনিচুকীয়া,২জুন : তিনিচুকীয়া জিলাৰ ফিল’বাৰী তৰাণীৰ এজন যুৱক নিৰুদ্দেশ । নিৰুদ্দিষ্ট যুৱকজন তৰাণীৰ মনেশ্বৰ বৰুৱাৰ পুত্ৰ উজ্জল বৰুৱা । তিনিদিন ধৰি কোনো সন্ধান নাই উজ্জল বৰুৱা নামৰ যুৱকজনৰ। তিনিচুকীয়াৰ পেঙেৰী থানাৰ অন্তৰ্গত ফিল’বাৰী তৰাণীৰ মনেশ্বৰ বৰুৱাৰ পুত্ৰ উজ্জ্বল বৰুৱাই বৃহস্পতিবাৰে বহিঃৰাজ্য কেৰালালৈ কৰ্মসংস্থাপনৰ বাবে বুলি ঘৰৰ পৰা ওলাই গৈছিল।
উক্ত দিনৰে পৰা পৰিয়ালৰ লোকে যোগাযোগ কৰিব বিচাৰি আছিল উজ্জল বৰুৱা লগত কিন্তু পৰিয়ালৰ কাৰোৰে ফোন ৰিচিভ কৰা নাছিল উজ্জলে। শনিবাৰে পুৱাৰভাগত উজ্জলৰ ভগ্নীয়ে পুনৰ উজ্জলক ফোন কৰাত উজ্জলে ফোন ৰিচিভ কৰাৰ লগে লগেই কান্দিবলৈ আৰম্ভ কৰে(Assam Youth Goes Missing, Suspected To Have Joined ULFA-I)।
ভগ্নীৰ আগত ফোনত উজ্জ্বলে কয়, ‘‘মই অন্য এখন ঠাইলৈ আহিছো, তহঁতি মোৰ কথা চিন্তা নকৰিবি।’’ঘৰত মা দেউতাক কৈ দিবি মই নিজৰ ইচ্ছাই আহিলোঁ অন্য এখন ঠাইলৈ বুলি কৈ ফোন কাটি মোবাইল অফ কৰি দিয়ে যুৱকজনে। পিছত পৰিয়ালৰ লোকে যুৱক জনৰ নিৰুদ্দেশ সন্দৰ্ভত পেঙেৰী থানাত এজাহাৰ দাখিল কৰে।
পিছত আৰক্ষীয়ে উজ্জল বৰুৱাৰ মোবাইল নম্বৰ লকেচন ট্ৰেক কৰাত নাগালেণ্ডৰ মন জিলাত অৱস্থিত ধৰা পৰে। যুৱক জন নিৰুদ্দেশ হোৱা পিছতেই পৰিয়ালৰ লোক কান্দোনত ভাগি পৰে।
আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ যুৱকজনক উভতাই পঠিয়াবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে। উজ্জল বৰুৱাই নিৰুদ্দেশ হোৱা খবৰে পেঙেৰীত চাঞ্চল্য সৃষ্টি কৰিছে।
লগতে পঢ়ক : Elephant menace in lanka : লংকাৰ কাকীত বন্যহস্তীৰ সন্ত্ৰাস;হাতীৰ উপদ্ৰৱত শংকিত আৰু অতিষ্ঠ হৈছে ৰাইজ