Local, Vocal, Global

Assam Youth Goes Missing In Tamil Nadu : তামিলনাডুত সন্ধানহীন মৰিয়নিৰ যুৱক

নিউজ ডেস্ক ,১৮ মাৰ্চ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing In Tamil Nadu)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা (Assam Youth Goes Missing In Tamil Nadu) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । তামিলনাডুত সন্ধানহীন অসমৰ যুৱক । কৰ্মৰ সন্ধানত তামিলনাডুলৈ গৈছিল ব্য়ক্তিজন কিন্তু ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে পৰা পৰিয়ালৰে কোনো ধৰণৰ যোগাযোগ পোৱা নাই । এই ঘটনাক লৈ এতিয়াই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পৰিয়ালটোত (Assam Youth Goes Missing In Tamil Nadu)।

জানিব পৰা মতে, সন্ধানহীন যুৱকজন মৰিয়নিৰ চাৱনা ভূমিজ ওৰফে বিকি। কৰ্মসংস্থাপনৰ বাবে তামিলনাডুলৈ গৈছিল যুৱকজন। পশ্চিমবংগৰ পুৰুলীয়া ৰে’ল ষ্টেচনৰ পৰা সন্ধানহীন হয় যুৱকজন। বিগত ৭ দিন ধৰি সন্ধান নাই যুৱকজনৰ।

লগতে পঢ়ক : Assam Man Goes Missing In Chennai : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক; ১৪ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ জামুগুৰিহাটৰ গোপাল প্ৰধান