Local, Vocal, Global

Assam Youth Goes Missing In Tamil Nadu : বহিঃৰাজ্যত পুনৰ সন্ধানহীন অসমৰ যুৱক;তামিলনাডুত সন্ধানহীন অসমৰ যুৱক

নিউজ ডেস্ক, ২০ ফেব্ৰুৱাৰী : পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing In Tamil Nadu)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing In Tamil Nadu) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱকক । তামিলনাডুত সন্ধানহীন গৌৰীসাগৰৰ অনন্ত বৰা নামৰ যুৱকজন৷ ১৩ ফেব্ৰুৱাৰীত তামিলনাডুলৈ ৰাওনা হৈছিল যুৱকজন৷ তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে যুৱকজন৷

জানিব পৰা মতে, অনন্তই যোৱা ১৩ ফেব্ৰুৱাৰীত তামিলনাডু অভিমুখী ৰে’লত উঠিছিল আৰু তেতিয়াৰ পৰাই তেওঁৰ কোনো সন্ধান নাই। পুত্ৰৰ সংস্পৰ্শলৈ আহিব নোৱাৰাৰ বাবে চিন্তিত পিতৃ-মাতৃয়ে গৌৰীসাগৰ থানাত নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। সম্প্ৰতি আৰক্ষীয়ে শোকসন্তপ্ত পৰিয়ালটোৰ সৈতে যোগাযোগত আছে আৰু নিৰুদ্দেশ যুৱকজনৰ সন্ধানত চেষ্টা অব্যাহত ৰাখিছে(Assam Youth Goes Missing In Tamil Nadu) ।

লগতে পঢ়ক : Massive fire breaks out in Rangia : ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্ত অগ্নিদগ্ধ এজন