Local, Vocal, Global

Assam Youth Goes Missing in Delhi : দিল্লীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত নিৰুদ্দেশ কামপুৰৰ চায়েদ আলী

নিউজ ডেস্ক,১৬অক্টোবৰ : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাংগালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Goes Missing in Delhi)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক।কৰ্মৰ সন্ধান বিচাৰি বহিঃৰাজ্যলৈ গৈ সন্ধানহীন নগাঁও জিলাৰ কামপুৰৰ এজন যুৱক।

জানিব পৰা মতে, কামপুৰৰ চায়েদ আলী নামৰ যুৱকজনে দিল্লীৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত আধা বাটতে নিৰুদ্দেশ হয়। নগাঁও জিলাৰ কামপুৰ থানাৰ অন্তৰ্গত চেঙাজান গাঁৱৰ চায়েদ আলী নামৰ যুৱক জন যোৱা সোমবাৰে নিজ ঘৰত উপস্থিত হোৱাৰ কথা আছিল যদিও আজি ১০ দিন উকলি যোৱাৰ পিছতো ঘৰ নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক সকলে।

ইতিমধ্যে পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সম্ভেদ পোৱা নাই চায়েদ আলীৰ।

কোনো লোকে যুৱকজনৰ সম্ভেদ পালে 7086493215/9633868569/6001428806নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক : VP Jagdeep Dhankhar arrives at LGBI Airport : বৰঝাৰ বিমান বন্দৰত উপস্থিত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়