WATCH | Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক

জামুগুৰিহাট,১৬জুন : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতীক।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing In Tamil Nadu) ।
পুনৰ বহি:ৰাজ্যত কৰ্মৰ সন্ধানত গৈ নিৰুদ্দেশ চতিয়াৰ ইটাখোলাৰ এজন যুৱক৷
চতিয়াৰ আৰক্ষী থানাৰ অধিনৰ ইটাখোলা আৰক্ষী চকী এলেকাৰ বালিডোঙাৰ সদাইবৰা গাঁৱৰ কাজিৰ আলিৰ পুত্ৰ আব্দুল আজিজ ( ১৯) নামৰ যুৱক জন বহিঃৰাজ্য তামিলনাডুৰ এক কোম্পানীত কৰ্মৰত আছিল৷ যোৱা ৮ জুনত যুৱক জনে তামিলনাডুৰ পৰা নিজ গৃহলৈ বুলি ৰে’ল যোগে আহি থকা অৱস্থাত ৰে’লৰ ভিতৰত তেঁওৰ মবাইল ফোনকে ধৰি সকলো সামগ্ৰী আৰু ধন চুৰি হয়৷
এই সন্দৰ্ভত দুৰ্ভগীয়া যুৱকজনে হাওৰা ৰেল ষ্টেচনৰ পৰা এজন দোকানীৰ ফোনৰ জৰিয়তে নিজৰ পৰিয়ালৰ লোকক জনাইছিল৷ পৰিয়ালে সেইবাবেই ততাতৈয়াকৈ তেওঁক উক্ত ফোন নম্বৰৰ জৰিয়তেই প্ৰয়োজনীয় ধন পঠাই দিছিল৷ কিন্তু ইয়াৰ পিছৰ পৰাই পৰিয়ালৰ লোকৰ সৈতে আব্দুল আজিজৰ কোনো ধৰনৰ যোগাযোগ স্থাপন হোৱা নাই বুলি পিতৃ মাতৃও পৰিয়ালৰ লোক সকলে জানিবলৈ দিছে৷
যোৱা ১২ জুনৰ পৰা বৰ্তমানলৈকে যুৱক জনৰ কোনো সম্ভেদ নোপোৱাত চিন্তিত হৈ পৰিয়ালবৰ্গই ইটাখোলা আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰিছে৷ কোনো সদাশয় লোকে যুৱকজনৰ সম্ভেদ পালে 8638739771 অথবা 8838890152 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাই ৷
লগতে পঢ়ক : WATCH | Dhemaji Protest : অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট