Local, Vocal, Global

Assam Youth Goes Missing : কেৰালাত সন্ধানহীন জুৰীয়াৰ ধিংবড়ি পথাৰৰ আৰিফ ৰব্বানী

নিউজ ডেস্ক,১৩আগষ্ট : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Missing in Kerala)।

পুনৰ কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন যুৱক ৷ এইবাৰ কেৰালাত সন্ধানহীন জুৰীয়াৰ ধিংবড়ি পথাৰৰ আৰিফ ৰব্বানী।

জানিব পৰা মতে, বিগত ৮ মাহ ধৰি কেৰালাত কৰ্মৰত আছিল জুৰীয়াৰ ধিংবড়ি পথাৰৰ আৰিফ ৰব্বানী নামৰ যুৱকজন। ২২ ছেপ্টেম্বৰত কেৰালাৰ পেৰেমভাবুৰ পৰা নিৰুদ্দেশ হয় যুৱকজন।

কোনো সদাশয় ব্যক্তিয়ে যদি সন্ধানহীন যুৱকজনৰ সন্ধান পায় তেন্তে এই নম্বৰত 60032-36355, 78961-38643 যোগাযোগৰ আহ্বান জনাই পৰিয়ালৰ লোকে।

লগতে পঢ়ক : Bus-Truck Collision In Maihara : বাছ-শিলভৰ্তি ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত ৯জন, আহত ২০জন