Local, Vocal, Global

Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক

নিউজ ডেস্ক,২০মে’ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । এইবাৰ কেৰেলাত নিৰুদ্দেশ ডুমুৰুগুৰীৰ খৰ্গেশ্বৰ নাথ ।কন্যাকুমাৰীলৈ কাম কৰিবলৈ বুলি ওলাই গৈছিল খৰ্গেশ্বৰ নাথ । বুধবাৰে দুই বন্ধুৰ সৈতে কাম কৰিবলৈ ওলাই গৈছিল যুৱকজন।তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে যুৱকজন । খৰ্গেশ্বৰ নাথৰ নিৰুদ্দিষ্টৰ খবৰ পাই পৰিয়ালত হাহাকাৰ।

লগতে পঢ়ক : 3 Men Dies in Bid to Rescue Hen From Well : কুঁৱাৰ পৰা মুৰ্গী উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু দুই ভাতৃসহ ৩ জন যুৱকৰ