Local, Vocal, Global

Assam Youth Goes Missing : উৰিষ্যাৰ কটক ষ্টেচনৰ পৰা নিৰুদ্দেশ বৰহোলাৰ লুহিত সোনোৱাল;আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুতৰ নিদিয়াৰ অভিযোগ

নিউজ ডেস্ক,১৯মে’ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । এইবাৰ উৰিষ্যাৰ কটক ষ্টেচনত নিৰুদ্দেশ বৰহোলাৰ লুহিত সোনোৱাল ।

জানিব পৰা মতে,চলিত বৰ্ষৰ মে’ ৰ ১৫ তাৰিখে বৰহোলাৰ বজাল কটা নিজ গৃহৰ পৰা কৰ্ম সূত্ৰ অন্ধ্র প্রদেশলৈ গৈছিল লুহিত সোনোৱাল । কিন্তু উৰিষ্যাৰ কটক ষ্টেচনৰ পৰা সন্ধানহীন হয় লোহিত। তাৰ পিছৰে পৰা পৰিয়ালৰ লোকে কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা নাই । বর্তমান ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে বৰহোলা থানাত । কিন্তু অতি দুর্ভাগ্যজনক বৰহোলা আৰক্ষীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰিব নোৱাৰিম বুলি স্পষ্টকৈ কয় আৰু বৰহোলাত নিৰুদ্দেশ এজাহাৰ দাখিল নকৰিলে বুলি পৰিয়াল লোকে জনায়।

ইফালে ৰেলৱে আৰক্ষীয়ে Missingcomplaint numberবিচাৰিছে পৰিয়ালৰ লোকৰ পৰা যদি complaint number দিব নোৱাৰিলে পৰিয়ালক কোনো ধৰনৰ সহায় কৰিৱ নোৱাৰো বুলি কয় ৰেলৱে আৰক্ষীয়ে।

বৰ্তমান বৰহোলাত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ বাবে সৰ্বেত্ত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

লগতে পঢ়ক : two children died by drowning in pond : পুখুৰীত পৰি কৰুণ মৃত্যুক সাৱটি লয় দুই শিশুৱে