Local, Vocal, Global

Assam Youth Goes Missing : মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস

নিউজ ডেস্ক,১৯মে’ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ লোক ।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing) ।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ যুৱক । মালদাৰ পৰা সন্ধানহীন বাক্সাৰ সৰুগাতিৰ গৌতম দাস ৷

জানিব পৰা মতে, ৩ মাহ পূৰ্বে হায়দৰাবাদলৈ গৈছিল গৌতম দাস ৷তাৰ পৰা ঘৰলৈ ওভতাৰ পথতে মালদাৰ পৰা সন্ধানহীন হয় যুৱকজন৷

বৰ্তমান সময়লৈকে গৌতমৰ কোনো ধৰণৰ শুংসূত্ৰ নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। যদি কোনো সদাশয় লোকে এই যুৱক জনৰ সম্ভেদ পাই তেন্তে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে গৌতমৰ পৰিয়ালে। গৌতমৰ সম্ভেদ পালে ৯৯৫৭৪৫৬৮৭৫ নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ৷

লগতে পঢ়ক : Hojai Man missing : বিগত ২০দিন ধৰি সন্ধানহীন হোজাই জিলাৰ মোৰাঝাৰ বজাৰৰ ব্যৱসায়ী আমিৰ হুছেইন