Assam Youth Goes Missing : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক।
নিউজ ডেস্ক,৩মাৰ্চ : পুনৰ বহি:ৰাজ্যত নিৰুদ্দেশ অসমৰ যুৱক। ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Goes Missing)৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Goes Missing) ।
পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ ব্যক্তি । বিশাখাপট্টনম আৰু বিজয়ৱাড়াৰ মাজৰ পৰা নিৰুদ্দেশ কঠীয়াতলীৰ যুৱক ।
জানিব পৰা মতে, কঠীয়াতলী লুংপুং গাঁৱৰ বাসুদেৱ পাছোৱান আৰু সাবিত্ৰী পাছোৱানৰ পুত্ৰ মাধৱ পাছোৱান নামৰ ৩৩ বছৰ বয়সৰ যুৱকজন যোৱা ৩১ মাৰ্চৰ পৰা ৰে’লেৰে চেকেন্দ্ৰাবাদলৈ গৈ থকাৰ সময়ৰে পৰা পৰিয়ালৰ যোগাযোগ বিছিন্ন হৈ পৰে।পৰিয়ালৰ লোকৰ মতে বিশাখাপট্টনম আৰু বিজয়ৱাড়াৰ মাজৰ পৰা নিৰুদ্দেশ হয় মাধব।
বৰ্তমান সময়লৈকে মাধৱৰ কোনো ধৰনৰ শুংসূত্ৰ নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। যদি কোনো সদাশয় লোকে এই যুৱক জনৰ সম্ভেদ পাই তেন্তে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মাধৱৰ পৰিয়ালে।যোগাযোগৰ নম্বৰ 70022 45769 আৰু 76358 87817।
লগতে পঢ়ক :Taiwan 7.5 earthquake : টাইৱানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্প;জাপানত ছুনামিৰ আশংকা