Assam Youth Dies in Pune : পুনৰ বহি:ৰাজ্যত ৰহস্যজনক মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্ক, ১০ মাৰ্চ : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।
কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ(Assam Youth Dies in Pune)৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা((Assam Youth Dies in Pune) ।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । পুনেত মৃত্যু অসমৰ যুৱকৰ ।অসমৰ যুৱক পুনৰ বহি:ৰাজ্যত মৃত্যুক কেন্দ্ৰ কৰি বিলাসীপাৰাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
জানিব পৰা মতে, এমাহ পূৰ্বে মহাৰাষ্ট্ৰৰ পুনেত কৰ্মসংস্থাপনৰ বাবে গৈছিল বিলাসীপাৰাৰ ৩ নম্বৰ ৱাৰ্ড ডিমাতোলাৰ উত্তম সৰকাৰ নামৰ যুৱকজন। ৯ মাৰ্চত পুনেৰ পৰা নিজ গৃহ বিলাসীপাৰা অভিমুখে আহি থকা অৱস্থাত ভুৱনেশ্বৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় উত্তম চৰকাৰ নামৰ যুৱকজনৰ মৃতদেহ। ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হোৱা যুৱক জনৰ মৃতদেহটো ।
পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি পৰিকল্পিত ভাবে হত্যা কৰা হৈছে যুৱকজনক ।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে মৃত উত্তম চৰকাৰৰ ঘৰত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ । আনহাতে মৃত যুৱকজনৰ মৃতদেহ নিজ গৃহলৈ অনাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াইছে দল সংগঠনৰ লোকে । ইতিমধ্যে উত্তম চৰকাৰৰ মৃতদেহটো উদ্ধাৰৰ বাবে অসম গণ পৰিষদ দলৰ ভাষিক সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি মিঠুন ৰয়ে ৰাওনা হৈছে ভুৱনেশ্বৰ লৈ।