Assam Youth Dies in Kerala : কেৰালাত মৃত্যু ঢকুৱাখনাৰ প্ৰাৰ্থ প্ৰতিম চুতীয়া

নিউজ ডেস্ক,১৩জুন : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Dies in Kerala)।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু ঢকুৱাখনাৰ যুৱক । জীৱন আৰু জীৱিকাৰ পথ প্ৰশস্ত কৰিবলৈ বহিঃ ৰাজ্যলৈ গৈ অকাল মৃত্যুক সাৱতি লোৱা ঢকুৱাখনাৰ যুৱকজন পাৰ্থ প্ৰতীম চুতীয়া ৷
জানিব পৰা মতে, ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত পশ্চিম ঢকুৱাখনাৰ ভাটি জালভাৰী গাঁৱৰ বিনেন্দ্ৰ চুতীয়া আৰু ৰূপা চুতীয়াৰ পুত্ৰ প্ৰাৰ্থ প্ৰতিম চুতীয়া (২০) আত্মসংস্থাপনৰ বাবে প্ৰায় ৩ মাহৰ পূৰ্বে কেৰালালৈ গৈছিল ৷
দৰিদ্ৰতাৰ বাবে কেৰালাৰ এনাকলংৰ “জুভেদা” নামৰ এটা ব্যক্তিগত কোম্পানীত পাৰ্থ প্ৰতীম শ্ৰমিক হিচাবে নিয়োজিত হৈছিল। এনেদৰে প্ৰায় দুমাহ অতিক্ৰম কৰাৰ পাছত সুঠাম যুৱকজন কৰ্মৰত অৱস্থাত ৮ জুনত আকস্মিক ভাবে অসুস্থ হয়।
জ্বৰ কাঁহ আদি ৰোগত আক্ৰান্ত হোৱা যুৱকজনে ঘৰলৈ ফোন কৰি এই সন্দৰ্ভত অৱগত কৰিছিল পিতৃ মাতৃক। এনেদৰে দিন যোৱাৰ পাছত কোম্পানীত স্বাভাৱিক ভাবেই সেৱা আগবঢ়াই যোৱা কৰ্মৰত যুৱকজনক আকস্মিক অসুস্থতাৰ বাবে সহকৰ্মী আৰু কৰ্তৃপক্ষৰ সহযোগত নিকটৱৰ্তী এনাকলং চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু মৰ্মান্তিক ভাবে চিকিৎসাধীন অৱস্থাতে বুধবাৰে দুপৰীয়া অকাল মৃত্যুক সাৱটি লয় পাৰ্থ প্ৰতীমে। কৰ্মৰত সহকৰ্মী সকলৰ জৰিয়তে বুধবাৰে দুপৰীয়া এই মৰ্মান্তিক খবৰ মৃতকৰ ঘৰত দিয়াৰ পাছত ভাটি জালভাৰী গাঁৱৰ বাসগৃহত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় ।
দৰিদ্ৰতাই কোঙা কৰা মৃতকৰ পৰিয়ালটোৰ আত্মীয়ই জনোৱা মতে ঘটনাৰ খবৰ লাভ কৰি ইতিমধ্যে এগৰাকী ভাতৃ কেৰালালৈ ৰাওনা হৈছে।
কিন্তু আৰ্থিক ভাৱে জৰ্জৰিত পৰিয়ালটোৰ বাবে ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী যুৱকজনৰ মৃতদেহ স্বগৃহলৈ অনাতো অন্য এক প্ৰত্যাহ্বান হৈ পৰিছে। নিজ পুত্ৰৰ বহিঃ ৰাজ্যত এনে আকস্মিক বিয়োগত মৰ্মাহত পিতৃ মাতৃয়ে অন্তিম বাৰৰ বাবে পুত্ৰৰ নিথৰ দেহ প্ৰত্যক্ষ কৰিবলৈ পুহি ৰখা দুৰ্বাৰ হেঁপাহ পুৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিধায়ক নৱ দলেৰ সহযোগিতা কামনা কৰিছে ।
লগতে পঢ়ক : Heroin seized from Mizoram : মিজোৰামত ম্যানমাৰৰ নাগৰিকৰ পৰা জব্দ ২.৩৪০ কিলোগ্ৰাম নিচাযুক্ত সামগ্ৰী