Assam Youth Dies in Gujarat : বহিঃৰাজ্য মৃত্যু সৃজনগ্ৰামৰ যুৱকৰ; কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছত গুজৰাটলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যু যুৱকজনৰ
অভয়াপুৰী,২৮ছেপ্তেম্বৰ : পুনৰ বহিঃৰাজ্য মৃত্যু অসমৰ যুৱকৰ ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা(Assam Youth Dies in Gujarat)।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ । বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বৰঘোলাৰ যুৱকৰ বহি:ৰাজ্যত কাম কৰিবলৈ গৈ অকাল মৃত্য়ু।
সৃজনগ্ৰামৰ যুৱক বিকাশ কুমাৰ ৰায়ে ২৫ ছেপ্তেম্বৰত কামাখ্যা-গান্ধীধাম এক্সপ্ৰেছত গুজৰাটলৈ গৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আকোঁৱালি লয়।
বিকাশ কুমাৰ ৰায় নামৰ যুৱকজনৰ মৃতদেহ ২৭ ছেপ্তেম্বৰত সুৰেন্দ্ৰ নগৰ ৰেল ষ্টেচন গুজৰাটত GRPয়ে উদ্ধাৰ কৰে। বৰ্তমানলৈ নিজ গৃহৰলৈ আনিবলৈ পৰা নাই মৃতদেহ ।
বিকাশৰ মৃতদেহ নিজ বাসগৃহলৈ আনিবলৈ অক্ষম মাতৃ আৰু স্থানীয় ৰাইজে মৃতদেহটো ওভটাই আনিবলৈ ৰাজ্য চৰকাৰক কাতৰ আহ্বান জনাইছে।
অতি দুখীয়া পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান বিকাশৰ অকাল মৃত্যৱে অঞ্চলটোত শোকৰ ছা পেলাইছে।
লগতে পঢ়ক : Lakhimpur rape case : লখিমপুৰত ৬০ ঊৰ্ধ্বৰ লোকৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কণমানি