Assam Youth Dies in Bengaluru : বিদ্যুৎস্পৃষ্ট হৈ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

নিউজ ডেস্ক,১২মে’ : পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ লোকৰ ।
প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।
ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷
উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam Youth Dies in Bengaluru) ।
কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷
প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।
পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ লোকৰ । বহিঃৰাজ্যত কৰ্ম সংস্থাপনৰ বাবে গৈ মৃত্যু কাছাৰৰ উধাৰবন্ধ পানগ্ৰামৰ যুৱক ।
কিছুদিন পূৰ্বে কৰ্মসূত্ৰে বাংগালুৰুলৈ গৈছিল কাছাৰৰ যুৱক ৰহিম উদ্দিম লস্কৰ। কৰ্মসূত্ৰে বাংগালুৰুলৈ যোৱা ৰহিম উদ্দিম লস্কৰ নিজ কৰ্মস্থলীতে বিদ্যুতস্পষ্ট হৈ মৃত্যু মুখত পৰে ।
আজি নিজ ঘৰলৈ অনা হ’ব ৰহিম উদ্দিন লস্কৰৰ নশ্বৰদেহ।
লগতে পঢ়ক : Son Brutally Killed Mother : মাতৃ দিৱসৰ দিনাই কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃ