Local, Vocal, Global

Assam woman stabbed to death in Delhi : ৰাজধানী দিল্লীত অসমৰ যুৱতীক নৃশংসভাৱে হত্যা

নিউজ ডেস্ক,২৮জুলাই : ৰাজধানী দিল্লীত অসমৰ যুৱতীক নৃশংসভাৱে হত্যা। শিলচৰৰ যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু দিল্লীত।

জানিব পৰা মতে, শিলচৰৰ ২১বছৰীয়া স্নেহা নাথ দিল্লীত এগৰাকী জিম প্ৰশিক্ষক হিচাপে কৰ্মৰত আছিল। শনিবাৰে দিল্লীৰ দ্বাৰাকাৰ পোঞ্চনপুৰ কলনীত বাস কৰা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ নামৰ যুৱকজন। কিবা এটা বিষয় লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় ৷ এটা সময়ত ৰাজ কৰ্মকাৰ আৰু স্নেহাৰ মাজত হতাহতিৰ সৃষ্টি হয়। ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে চুৰীৰে উপৰযোপুৰি আক্ৰমণ চলায় স্নেহা নাথ চৌধুৰীক। ফলত প্ৰেমিকৰ ছুৰীকাঘাতত ঘটনাস্থলীত মৃত্যু হয় স্নেহাৰ(Assam woman stabbed to death in Delhi)।

ঘটনাৰ খবৰ পাই ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক।

প্ৰাথমিক তদন্তত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাছতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল। এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিছে বুলি জনায় দিল্লী আৰক্ষীক । ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীৰ তদন্ত অব্যাহত আছে( 21-Year-Old Assam Woman Brutally Stabbed To Death)।

লগতে পঢ়ক : Tragic Road Accident in Baksa : এক ভয়ংকৰ দুৰ্ঘটনাত নিহত সেনা জোৱান