Assam woman set to return to India after 18 months in Pakistan jail : আজি পাকিস্তানৰ কাৰাগাৰৰ পৰা মুকলি হ’ব অসমৰ ৱাহিদা;পাকিস্তানে আজি ভাৰতৰ হাতত অৰ্পণ কৰিব নগাঁৱৰ ৱাহিদাক
নিউজ ডেস্ক,২৯মে’ : আজি পাকিস্তানৰ কাৰাগাৰৰ পৰা মুকলি হ’ব অসমৰ ৱাহিদা। পাকিস্তানে আজি ভাৰতৰ হাতত অৰ্পণ কৰিব নগাঁৱৰ ৱাহিদাক । ৱাঘা সীমান্তৰে ৱাহিদাক ভাৰতক প্ৰত্যৰ্পণ কৰিব পাকিস্তানে। BSFৰ হাতত পাকিস্তানে ১১ বছৰীয়া পুত্ৰৰ সৈতে গতাই দিব ৱাহিদাক।
উল্লেখযোগ্য যে ২০২২ চনৰ ১০ নৱেম্বৰৰ পৰা পুত্ৰৰ সৈতে নিখোজ হৈছিল ৱাহিদা বেগম। মাতৃ আৰিফা খাতুনে নগাঁও আৰক্ষী চকীত দাখিল কৰিছিল নিৰুদ্দেশ সংক্ৰান্তীয় এজাহাৰ। যোৱা বছৰ জানুৱাৰী মাহত পাকিস্তানৰ এজন অধিবক্তাৰ পৰা হোৱাট্ছএপৰ জৰিয়তে দেশখনৰ আইনী জাননীৰ প্ৰতিলিপি লাভ কৰিছিল ৱাহিদাৰ মাতৃয়ে। সেই জাননীৰ প্ৰতিলিপি পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈও প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল।
খবৰ অনুসৰি, ৱাহিদা বেগমৰ স্বামী মহম্মদ মহছিন খানৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰী সূত্ৰে স্বামীৰ পৰা ৱাহিদাই লাভ কৰিছিল ১ কোটি ৬০ লাখ টকাৰ সম্পত্তি। সেই সম্পত্তি ৱাহিদাই বিক্ৰী কৰি দিয়ে আৰু তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছিল ৱাহিদা। ২০২২ চনৰ ২৫ নৱেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ হোৱা বুলি খবৰ পাইছিল মাতৃ আৰিফা খাতুনে(Assam woman set to return to India after 18 months in Pakistan jail)।
তাৰ পিছতে মাতৃয়ে দিল্লীৰ এজন অধিবক্তাৰ সৈতে যোগাযোগ কৰি দিল্লীস্থিত বৈদেশিক মন্ত্ৰণালয় আৰু ভাৰতত থকা পাকিস্তানৰ দূতাবাসৰ কাষ চাপিছিল আৰিফা খাতুন। কোনো পক্ষৰ পৰা সহায় নোপোৱাত আৰিফা খাতুনে দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰিফা। অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপত তথা বৈদেশিক আৰু গৃহ মন্ত্ৰণালয়ৰ তৎপৰতাত পুত্ৰৰ সৈতে ৱাহিদা বেগমৰ প্ৰত্যৰ্পণ সম্ভৱ হ’ব আজি।
লগতে পঢ়ক : Sensational Murder In Raha : কিমান নিষ্ঠুৰ হ’লে নিজৰ তিনি মহীয়া সন্তানক মৰিয়াই হত্যা কৰিব পাৰে পিতৃয়ে !