Local, Vocal, Global

অসম চৰকাৰে ক্ৰীড়া খণ্ডৰ বাবে ১,০০০ কোটি টকা ব্যয় কৰিব

নিউজ ডেস্ক, ৩১ মে’- মঙলবাৰে অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাই আমগুৰিত অনুস্থিত হোৱা সৌৰশক্তি পাৰ্ক’ৰ শুভাৰম্ভণি অনুষ্ঠানত মন্তব্য কৰে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।

আৰু অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া খণ্ডত আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰায় ১,০০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লৈছে।

ক্ৰীড়া খণ্ডত আন্তঃগাঁথনি উন্নয়নৰ বাবে জিলা পৰ্যায়ত দহটা ক্ৰীড়া কমপ্লেক্স নিৰ্মাণ কৰা হ’ব আৰু প্ৰতিখন জিলা পৰ্যায়ৰ ক্ৰীড়া কমপ্লেক্সৰ ব্যয় প্ৰায় ৫০ কোটি টকা হ’ব

তেওঁ কয় যে “ইয়াৰ উপৰিও, আমি ৪০ টা বিধানসভা সমষ্টিত এটা বহুমুখী ষ্টেডিয়াম নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছো আৰু প্ৰতিখন ষ্টেডিয়ামৰ ব্যয় হ’ব প্ৰায় ১২ কোটি টকা। নিৰ্মাণ কাৰ্য চলি আছে আৰু সকলো প্ৰকল্প দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব,” ।