আফছ্পা মুক্ত হ’ব অসম- গৃহমন্ত্ৰী অমিত শ্বাহৰ বৃহৰ ঘোষণা

নিউজ ডেস্ক, ১০ মে’- শীঘ্ৰেই সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হ’ব সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন(আফছ্পা)।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত থকা কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যোৱা কেইবছৰমানত অসমত আইন-শৃংখলা পৰিস্থিতিৰ ব্যাপক উন্নতি হৈছে। যাৰ ফলত শীঘ্ৰেই আফছ্পা সমগ্ৰ অসমৰ পৰা প্ৰত্যাহাৰ কৰা হব।
গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “আইন-শৃংখলাৰ উন্নত পৰিস্থিতিৰ বাবে আফছ্পা ইতিমধ্যে অসমৰ ২৩ খন জিলাৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে।”
কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহত উন্নত নিৰাপত্তা পৰিস্থিতিৰ বাবে কেইবা দশকৰ বিদ্ৰোহৰ পিছত নাগালেণ্ড, অসম আৰু মণিপুৰত আংশিকভাৱে আফছ্পা উঠাই লোৱা হৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসমৰ ৬০ শতাংশতকৈও অধিক অঞ্চল এতিয়া আফছ্পাৰ পৰা মুক্ত।