Local, Vocal, Global

Assam to cut alcohol prices from September :ৰাজ্যত অধিক হাৰত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য

নিউজ ডেস্ক,১৯আগষ্ট : ৰাজ্যত অধিক হাৰত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য।আবকাৰী শুল্ক হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত হ্ৰাস কৰা হৈছে সুৰাৰ দাম। ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব সুৰাৰ নতুন মূল্য। অসম চৰকাৰৰ আবকাৰী বিভাগে ১৭ আগষ্টত সুৰাৰ নতুন নিৰিখ সন্দৰ্ভত এক বিজ্ঞপ্তি ৰাজহুৱা কৰি এই কথা উল্লখ কৰে(Assam to cut alcohol prices from September)।

১ ছেপ্টেম্বৰৰ পৰা তলত উল্লেখ কৰা ধৰণে সুৰাৰ মূল্য কাৰ্যকৰী হ’ব

৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস কৰা হৈছে।

৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলিলিটাৰৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস কৰা হৈছে।

সাধাৰণ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ ৰামত ১১৭ টকা হ্ৰাস কৰা হৈছে।

ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলিলিটাৰৰ হুইস্কী তথা জিন আদিৰ দাম ১৪৪ টকা হ্ৰাস কৰা হৈছে।

লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস কৰা হৈছে।

লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস কৰা হৈছে।

এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস কৰিছে আবকাৰী বিভাগে।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ২০২৪ বৰ্ষৰ ১ এপ্ৰিলত বৃদ্ধি হৈছিল বিলাতী সুৰাৰ মূল্য। ১৫০ টকাৰ পৰা ৩১২ টকাপৰ্যন্ত বাঢ়িছিল সুৰাৰ মূল্য। তাৰোপৰি ব্ৰেণ্ড অনুসৰি বিভিন্ন নিৰিখিত বৃদ্ধি পাইছিল সুৰাৰ মূল্য।

লগতে পঢ়ক : Drugs peddler arrested along with drugs : শোণিতপুৰৰ ৰঙাপৰাত যাত্ৰীবাহী ট্ৰেইনত জব্দ গাঞ্জা