Local, Vocal, Global

Assam to celebrate Bhasa Gourav Saptah from November 3 to 9 :৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ ৰাজ্যত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ

নিউজ ডেস্ক,১৪অক্টোবৰ : সামজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ বিশেষ ঘোষণা। মুখ্যমন্ত্ৰীয়ে দেওবাৰে এক্সযোগে জনাই যে,ৰাজ্যত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ। অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদানৰ পাছতে ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ উদ্‌যাপন কৰা হ’ব ‘ভাষা গৌৰৱ সপ্তাহ’। অসম চৰকাৰৰ উদ্যোগত পালন কৰা হ’ব ভাষা গৌৰৱ সপ্তাহ। এই কাৰ্যসূচীৰ জৰিয়তে অসমীয়া ভাষাক সমৃদ্ধ কৰা লেখক-পণ্ডিতক শ্ৰদ্ধা জনোৱা হ’ব(Assam to celebrate Bhasa Gourav Saptah from November 3 to 9)।

সপ্তাহজোৰা এই অনুষ্ঠানৰ লক্ষ্য হৈছে অসমীয়া মানুহৰ চহকী সাংস্কৃতিক ঐতিহ্য আৰু ভাষিক গৌৰৱক প্ৰচাৰ কৰা। এই সময়তে ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰীকো ধন্যবাদ জনাব।

তেওঁ কয়, ‘যোৱা ৩ অক্টোবৰত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে আনুষ্ঠানিকভাৱে অসমীয়া ভাষাটিক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল। এই ঐতিহাসিক স্বীকৃতিক উদযাপনৰ অৰ্থে অসমে ৩ৰ পৰা ৯ নৱেম্বৰ ২০২৪লৈ ‘ভাষা গৌৰৱ সপ্তাহ’ পালন কৰিব।’

লগতে জনাই যে,এই বিশেষ সপ্তাহটোত বিশ্ববিদ্যালয়, বিদ্যালয় আৰু নাগৰিক সমাজৰ সংগঠনসমূহৰ দ্বাৰা চতুৰ্থ শতিকাৰ পৰা আমাৰ ভাষাটিৰ উত্তৰণৰ যাত্ৰাত অনন্য অৱদানেৰে সমৃদ্ধ কৰা অসমীয়া সাহিত্যিক আৰু পণ্ডিতসকলৰ অৱদানক সন্মান জনোৱাৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হ’ব(Assam to observe Bhasa Gourav Saptah from 3 to 9 November, 2024)।

লগতে পঢ়ক : Five Prisoners Escape From Morigaon Jail : মৰিগাঁৱৰ কাৰাগাৰৰ পৰা পলাতক কয়দীৰ মৃতদেহ উদ্ধাৰ