Local, Vocal, Global

Assam State Civilian Awards To Be Announced On Magha bihu : মাঘ বিহুত ঘোষণা কৰা হ’ব অসম ৰাজ্যিক অসামৰিক বঁটা ২০২৪

নিউজ ডেস্ক, ৮ জানুৱাৰী : সমাগত মাঘ বিহু । এইবাৰ মাঘ বিহুত ঘোষণা কৰা হ’ব অসম ৰাজ্যিক অসামৰিক বঁটা ২০২৪ । ৰাজ্য চৰকাৰে ঘোষণা কৰিব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভৰ বঁটা।
জানিব পৰা মতে, ইতিমধ্যে ৰাজ্য চৰকাৰে এই বঁটাৰ বাবে তালিকা প্ৰস্তুত কৰিছে । চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যপালে প্রদান কৰি বঁটাসমূহ ৷’’

দেওবাৰে নিশা এক সংবাদ মেল সম্বোধন কৰি ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিবলৈ গৈ এই কথা সদৰি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Assam State Civilian Awards To Be Announced On Magha bihu)।

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই লগতে কয় যে, কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি মিছিং, ৰাভা, তিৱা জনগোষ্ঠীৰ পাৰিষদক সাংবিধানিক মৰ্যাদাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ অনুমোদন পঠিওৱাৰ প্ৰস্তাৱ। এই পৰিষদসমূহে পৰিষদীয় অঞ্চলত বাস কৰা অনুসূচিত জনজাতিৰ সৈতে সম্পর্কিত উন্নয়নমূলক কার্যকলাপ গ্রহণ কৰাৰ বাবে বিত্তীয় ক্ষমতা বৃদ্ধি কৰিব পৰাকৈ বৃহত্তৰ সাংবিধানিক মৰ্যাদাৰ বাবে পৰামৰ্শ দিব ৰাজ্য চৰকাৰে ৷’’

লগতে মন্ত্ৰী বৰুৱাই কয় মুখ্যমন্ত্ৰীৰ ‘উদ্যমিতা’ নামৰ এখন আঁচনি ৰূপায়ণৰো সিদ্ধান্ত। এই আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাক প্ৰাৰম্ভিকভাৱে ১০ হাজাৰ, দ্বিতীয় পৰ্য্যায়ত ২৫ হাজাৰ টকা প্ৰদান কৰা হ’ব। পৰৱৰ্তী সময়ত তৃতীয় পৰ্যায়ত ৫০ হাজাৰ টকাৰ ঋণ প্ৰদান কৰা হ’ব।

এই আঁচনিৰ জৰিয়তে ২৫ হাজাৰ টকাত ১২ হাজাৰ টকা ৰাজ সাহাৰ্য্য লাভ কৰিব আৰু ৫০ হাজাৰ টকাৰ ঋণৰ সকলো সুত ৰাজ্য চৰকাৰে বহন কৰিব। এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩৯ লাখ মহিলা লাভাম্বিত হ’ব বুলি সদৰি কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।আগন্তুক ১৬ জানুৱাৰীৰ পৰা এই আঁচনিৰ প্ৰ-পত্ৰ প্ৰদান কৰা হ’ব। এমাহৰ ভিতৰত প্ৰ-পত্ৰ সংগ্ৰহ কৰি জমা দিব লাগিব মহিলা আত্মসহায়ক গোটসমূহে।

লগতে পঢ়ক : Assam government declares January 22 as ‘dry day’ to mark Ram Mandir consecration : ২২জানুৱাৰীত ড্ৰাই ডে’ ঘোষণা;ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচীৰ বাবে ড্ৰাই ডে ঘোষণাৰ সিদ্ধান্ত