Assam sees another trading scam: ৰাজ্যত অব্যাহত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দপদপনি

১০ ফেব্ৰুৱাৰী ২০২৫,গোৰেশ্বৰ: গোৰেশ্বৰত নিউ ট্ৰেডিং কো’ ছ’চাইটি নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাহকক ৰাম ঠগন।দুখীয়া দৰিদ্ৰ লোকৰ দিন হাজিৰা কৰি জমা কৰা টকালৈ পলাতক নিলকমল পাল ।ৰাজ্যত অব্যাহত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ দপদপনি। এইবাৰ গোৰেশ্বৰত নিউ ট্ৰেডিং কো’ ছ’চাইটি নামৰ ভুৱা বিত্তীয় প্ৰতিষ্ঠান খুলি গ্ৰাহকক দিলে ৰাম ঠগন।
দুখীয়া দৰিদ্ৰ লোকে দিন হাজিৰা কৰি কিঞ্চিৎ কিঞ্চিৎ কৈ জমা কৰা দুই সহস্ৰাধিক লোকৰ কোটি টকা লৈ পলাতক নিলকমল পাল।গোৰেশ্বৰৰ পূৰণা বজাৰৰ নীলকমল পাল নামৰ লোকজনে সৰ্বসাধাৰণ লোকক টাৰ্গেট কৰি নিউ ট্ৰেডিং কো’ ছ’চাইটিত ধন জমা থলে অধিক লাভ দিয়াৰ প্ৰলোভন দি চলালে লুণ্ঠন ।
অভিযোগ মতে প্ৰলোভন দি গোৰেশ্বৰৰ ৰে’ল কল’নী, ২নং গোৰেশ্বৰ, হাৰিজোৰা আদি বিভিন্ন অঞ্চলৰ প্ৰায় দুই সহস্ৰাধিক লোকৰ পৰা কোটিৰো অধিক টকা সংগ্ৰহ কৰে প্ৰৱঞ্চক নীলকমল পালে। কিন্তু নিৰ্দিষ্ট সময়ত ধন জমা থোৱাৰ সময় শেষ হোৱাৰ পিছত বহু গ্ৰাহকে লাভ্যাংশসহ মূলধন ঘুৰাই বিচৰাত প্ৰৱঞ্চক নীলকমল পালে পলায়ন কৰে। নীলকমল পালৰ পলায়নৰ খবৰ পোৱাৰ পিছতে গ্ৰাহকসকলৰ মাজত হাহাঁকাৰ লাগে।ভূক্তভোগী গ্ৰাহকসকলে উপায়হীন হৈ প্ৰাপ্য ধন ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়। উল্লেখ্য যে গোৰেশ্বৰত পঞ্জীয়ন নথকা বহু প্ৰতিষ্ঠানে অনুৰূপ ধৰণে ধন সংগ্ৰহ কৰি আছে যদিও প্ৰশাসনে এইক্ষেত্ৰত নিৰ্বিকাৰ ভূমিকা পালন কৰাৰ অভিযোগ উত্থাপন হৈছে।