Assam School Student Crushed To Death As Tree Falls Due To Cyclone Impact : মাতৃৰ সৈতে বিদ্যালয়লৈ গৈ থকাৰ সময়ত গছ বাগৰি মৃত্যু ছাত্ৰৰ
বিলাসীপাৰা,২৯মে’ : বিলাসীপাৰাত প্ৰচণ্ড ধুমুহাৰ তাণ্ডৱ । প্ৰচণ্ড ধুমুহাৰ ফলত পথতে গছ বাগৰি পৰিল শিক্ষাৰ্থী কঢ়িয়াই অনা অটোত। ফলত থিতাতে নিহত শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ এজন কণমানি ছাত্ৰ, আহত হয় ছাত্ৰজনৰ মাতৃ(Assam School Student Crushed To Death As Tree Falls Due To Cyclone Impact)।
জানিব পৰা মতে, মাতৃৰ সৈতে বিদ্যালয়লৈ গৈ থকাৰ সময়তে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়। মৃত ছাত্ৰজন শুভংকৰ বৰ্মন প্ৰথম শ্ৰেণীৰ ছাত্ৰ ।মৃত শুভংকৰ বৰ্মনৰ ঘৰ বিলাসীপাৰাৰ জমদুৱাৰ গাঁৱত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত হয় আন চাৰিজন শিক্ষাৰ্থীৰ লগতে শুভংকৰ বৰ্মনৰ মাতৃও। মাতৃৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আহতসকলক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।