Assam Sahitya Sabha : আজিৰে পৰা অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক অধিৱেশন

নিউজ ডেস্ক, ৩১ জানুৱাৰী : আজিৰে পৰা অসম সাহিত্য সভাৰ একাদশ বাৰ্ষিক অধিৱেশন(Assam Sahitya Sabha)।
আজিৰে পৰা মৰিগাঁৱৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে অসম সাহিত্য সভা । চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম সাহিত্য সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশন ।
অধিৱেশনৰ বাবে অসম সাহিত্য সভাৰ সভাপতি-সম্পাদকে বুধাবাৰে পুৱা আঁহতগুৰিৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইয়াৰ পিছতে বাৰপূজীয়াৰ পাঁচোৰজা সমন্বয় ক্ষেত্ৰত নামঘৰত বন্তি প্ৰজ্বলন কৰে(Assam Sahitya Sabha 11th special session begin in Morigaon) ।
বন্তি প্ৰজ্বলনৰ পিছতে সমন্বয় ক্ষেত্ৰৰ দ্বাৰ উন্মোচন, গ্ৰন্থমেলা, বাণিজ্য মেলা, প্ৰতিনিধি শিবিৰ মুকলি, মে-ডাম-মে-ফি, ভোজন কক্ষ আদি মুকলি কৰে । পুৱাৰে পৰা মৰিগাঁৱৰ বাৰপূজীয়া পাঁচোৰজা সমন্বয়ৰ ক্ষেত্ৰত পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি লোকাৰণ্য় হৈ পৰে ।
আজি সাহিত্য় সভাৰ চাৰিদিনীয়া একাদশ বিশেষ অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা উপস্থিত থাকে আৰু কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ।
ইয়াৰ লগতে বাৰপূজীয়া বিশেষ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰীয়ে সকলোকে বাৰপূজীয়া অধিবেশন সাফল্য মণ্ডিত কৰিবৰ বাবে সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাই ।
লগতে পঢ়ক : Bomb Blast at Rally in Pakistan : ভয়ংকৰ বিস্ফোৰণৰ ঘটনা;নিহত ৩জন, আহত ৫জন