Local, Vocal, Global

Assam Rifles Seize 180 kg of Marijuana : ত্ৰিপুৰাত জব্দ ৭৫ .৫ লাখ টকা মূল্যৰ ১৮০ কেজি গাঞ্জা

নিউজ ডেস্ক, ২৫জানুৱাৰী : পুনৰ চুবুৰী ৰাজ্য ত্ৰিপুৰাত জব্দ বুজন পৰিমাণ গাঞ্জা । বুধবাৰে ত্ৰিপুৰাত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীয়ে অভিযান চলাই( Assam Rifles Seize 180 kg of Marijuana) । এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত এক যুতীয় অভিযান চলাই । অভিযান চলাই খোৱাই জিলাৰ আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান । এই যুতীয় অভিযানত এখন ইকো বাহনৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ গাঞ্জা(Assam Rifles seize marijuana worth Rs 75 lakh in Khowai district, one arrested) ।‌

ত্ৰিপুৰা আৰক্ষীয়ে সদৰি কৰা মতে,বুধবাৰে গোপন তথ্যৰ ভিত্তিত খোৱাই থানাৰ অন্তৰ্গত চেৰমা তালাচী চকীত অভিযান চলাইছিল আৰক্ষী আৰু অসম ৰাইফলছৰ ২৮ নং বেটেলিয়নে। TR-01BS 0729 নম্বৰৰ এখন ইকো বাহনত তালাচী চলাইছিল আৰু বাহন খনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয় ৯টা গাঞ্জাৰ পেকেট। পেকেট কেইটাৰ পৰা মুঠ ১৮০ কেজি গাঞ্জা জব্দ কৰা হয়( Assam Rifles seize 180 kg of marijuana worth over Rs 75 lakhs, one held)।

জব্দকৃত গাঞ্জাৰ মূল্য প্ৰায় ৭৫.৫ লাখ টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ইকো বাহনৰ চালকক। গাঞ্জা সৰবৰাহত ব্যৱহাৰ কৰা এখন স্কুটী আৰু এখন মটৰ চাইকেলও ঘটনাস্থলীৰ পৰা জব্দ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক : MC Mary Kom Denies Taking Retirement from Boxing : অৱসৰ সন্দৰ্ভত অলিম্পিক পদকজয়ী বক্সাৰ মেৰী কমৰ স্পষ্টীকৰণ