Assam Rifles recovers huge cache of Arms and ammuniation in Manipur : মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ
নিউজ ডেস্ক,১৯মে’ : পুনৰ মণিপুৰত জব্দ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ । অশান্ত মণিপুৰত অবৈধ অস্ত্ৰ শস্ত্ৰ বিৰুদ্ধে অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে অভিযান চলাই । অভিযানত চুবুৰীয়া ৰাজ্য মণিপুৰত জব্দ কৰে বুজন পৰিমাণৰ মাৰণাস্ত্ৰ(Assam Rifles recovers huge cache of Arms and ammuniation in Manipur) ।
জানিব পৰা মতে, অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীৰ যুতীয়া অভিযানত অশান্তজৰ্জৰ মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ পাহাৰীয়া এলেকাত জব্দ অত্যাধুনিক মাৰণাস্ত্ৰখিনি।
উদ্ধাৰ হোৱা মাৰণাস্ত্ৰসমূহৰ ভিতৰত কেইটামান বিদেশত নিৰ্মিত। জব্দকৃত মাৰণাস্ত্ৰসমূহ কান্ত্ৰি মেড ৰাইফল আৰু অন্যান্য মাৰণাস্ত্ৰ বুলি সদৰী কৰিছে নিৰাপত্তা বাহিনীয়ে।
লগতে পঢ়ক : Men and Women allegedly tortured in Bongaigaon : উলংগ কৰি কিশোৰ-কিশোৰীক যৌন নিৰ্যাতন এচাম নৰাধমৰ