Local, Vocal, Global

Assam Rifles Manipur police seizes huge cache of illegal weaponsand : চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান;জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী

নিউজ ডেস্ক,২৭জুন : অব্যাহত আছে অশান্ত জৰ্জৰ চুবুৰীয়া ৰাজ্য মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান ।

নিৰাপত্তা বাহিনীৰ অভিযান ৰাজ্যখনৰ বিষ্ণুপুৰ, ইম্ফল পূৱ আৰু চুৰাচান্দপুৰ জিলাৰ বিভিন্ন স্থানত । অভিযানত জব্দ বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিস্ফোৰক সামগ্ৰী ।

ইফালে বিগত ২৪ ঘণ্টাত অসম ৰাইফলছ আৰু মণিপুৰ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য মণিপুৰত বিভিন্ন স্থানত অভিযান চলাইছিল। অভিযানত বিষ্ণুপুৰ জিলাৰ কেইনৌ মানিঙৰ পৰা এটা এছ এম জি কাৰ্বাইন, মেগজিনৰ সৈতে এটা নাইন এম এম পিষ্টল, এটা পম্পি শ্বেল, ৭টা আই এল ইউ শ্বেল, আই এন এছ এছ মেগজিনৰ সৈতে ৬টা সতেজ গুলি, এটা এছ এল আৰ মেগজিন জব্দ কৰে। ইয়াৰোপৰি ৯টা গ্ৰেনেড, ৩টা ডিটনেটৰ, ৪২ টা গুলীসহ বহুতো বিষ্ফোৰক সামগ্ৰী জব্দ কৰা বুলি জানিব পৰা গৈছে(Assam Rifles Manipur police seizes huge cache of illegal weaponsand)।

আনহাতে, ইম্ফল পূব জিলাৰ সনাছাবি নাটুম চিঙত অভিযান চলাই বিদেশত নিৰ্মিত এটা থ্ৰি জিৰো থ্ৰি ৰাইফল, ৪টা কান্ত্ৰি মেড থ্ৰি জিৰো থ্ৰি ৰাইফল, ২টা ১২-ব’ৰ গান, ৩টা হেভি মৰ্টাৰ জব্দ কৰে। একেদৰে উক্ত অভিযানত মেগজিনৰ সৈতে এটা নাইন এম এম পিষ্টল, ৬টা ইম্প্ৰভাইজড এক্সপ্ল’ছিভ বোমা, ২টা হেণ্ড গ্ৰেনেড আৰু ৮২টা সক্ৰিয় গুলি জব্দ কৰে নিৰাপত্তা বাহিনীয়ে।

ইফালে চুৰাচান্দপুৰ জিলাৰ চাইডান গাঁৱত অভিযান চলাই ৩টা দেশত নিৰ্মিত এছ বি এম এল অস্ত্ৰ জব্দ কৰে।

লগতে পঢ়ক : Road Accident in Goalpara : বাইক আৰু মিনি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন